তামুলপুৰত জিলা উদ্যম সমাগমৰ স্বদেশী মেলা মুকলি
তামুলপুৰ, ২২ ডিচেম্বৰ (হি.স.)। তামুলপুৰ জিলাখন যথেষ্ট সম্ভাৱনাময় জিলা। আমাৰ ইয়াত এনে যথেষ্ট সম্বল আছে, যিবোৰ এতিয়াও ভালকৈ প্ৰয়োগ হোৱা নাই বা যিধৰণে ব্যৱসায়িক দৃষ্টিভংগীৰে বজাৰলৈ যাব লাগে, সেইধৰণে বজাৰলৈ যোৱা নাই। এই ক্ষেত্ৰখনত উদ্যোগ বিভাগৰ উপৰি আ
তামুলপুৰত জিলা উদ্যম সমাগমৰ স্বদেশী মেলা মুকলি ।


তামুলপুৰত জিলা উদ্যম সমাগমৰ স্বদেশী মেলা মুকলি ।


তামুলপুৰ, ২২ ডিচেম্বৰ (হি.স.)। তামুলপুৰ জিলাখন যথেষ্ট সম্ভাৱনাময় জিলা। আমাৰ ইয়াত এনে যথেষ্ট সম্বল আছে, যিবোৰ এতিয়াও ভালকৈ প্ৰয়োগ হোৱা নাই বা যিধৰণে ব্যৱসায়িক দৃষ্টিভংগীৰে বজাৰলৈ যাব লাগে, সেইধৰণে বজাৰলৈ যোৱা নাই। এই ক্ষেত্ৰখনত উদ্যোগ বিভাগৰ উপৰি আন বিভাগসমূহৰ জৰিয়তে আমি বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ যথেষ্ট সমল আছে। ―অসম ক্ষুদ্র উদ্যোগ উন্নয়ন নিগম লিমিটেড, জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত আজিৰ পৰা তামুলপুৰ জিলাৰ কুমাৰীকাটাত অনুষ্ঠিত জিলা উদ্যম সমাগমৰ স্বদেশী মেলাৰ আদৰণী ভাষণত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এনেদৰে মন্তব্য কৰে।

তেওঁ লগতে কয়, চৰকাৰী সংস্থাপনৰ বাহিৰেও যুৱপ্ৰজন্মক যে আমি বেলেগ বেলেগ ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰো, সেই কথাখিনি আমি সকলোৱেই অনুভৱ কৰা উচিত। তেওঁ আন্তৰ্জাতিক সীমাত অৱস্থিত ভূটানৰ এটা ডাঙৰ অঞ্চলৰ বাবেও থলুৱাভাৱে এখন সুন্দৰ বজাৰ সৃষ্টি কৰিব পাৰি বুলি মন্তব্য আগবঢ়ায়। তামুলপুৰ জিলাৰ স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে ফিতা কাটি আজিৰ স্বদেশী মেলা মুকলি কৰে। তেওঁ চৰকাৰী সুবিধাবোৰ সঠিকভাৱে গ্ৰহণ কৰি উদ্যোগৰ ক্ষেত্ৰখনক যথেষ্ট আগুৱাই লৈ যাব পাৰি বুলি মন্তব্য আগবঢ়ায়। উক্ত স্বদেশী মেলাত অঞ্চলটোৰ থলুৱা শাক-পাচলি, ফলমূল, কাঠফুলা, মৌজোল, বস্ত্ৰ, আচাৰ আদিকে ধৰি ৫০খন বিপনীয়ে অংশগ্ৰহণ কৰে, য'ত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অন্তৰ্গত ১২খন বিপনীয়েও ভাগ লয়। এই মেলাৰ অহা ২৬ ডিচেম্বৰত সামৰণি পৰিব।

উল্লেখ্য যে মেলাস্থলীত প্ৰতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি জিলা উদ্যোগ বিভাগৰ সহকাৰী সঞ্চালক দিব্যজ্যোতি দাসে জনাইছে। আজিৰ অনুষ্ঠানত স্থানীয় বিধায়ক জলেন দৈমাৰী আৰু জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি বাক্সা আৰু তামুলপুৰৰ জিলা উদ্যোগ বিভাগৰ সাধাৰণ প্ৰবন্ধক ছেলিম ৰাজা মণ্ডল, ডি আৰ ডি এ-ৰ প্ৰকল্প সঞ্চালক ভাস্কৰ বৰুৱা, সমাজকৰ্মী পাৱিত্ৰ নাৰ্জাৰী আৰু বানেশ্বৰ নাৰ্জাৰীৰ উপৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, স্থানীয় ৰাইজ আদি উপস্থিত থাকে। উল্লেখ্য যে জিলা উদ্যম সমাগমৰ আন এখন স্বদেশী মেলা অহা ২৯ ডিচেম্বৰত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গড়কাপ্টানি (পথ) বিভাগৰ খেলপথাৰত অনুষ্ঠিত হ'ব বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande