উন্নত পৰ্যায়ত আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিৰ আলোচনা: পীয়ুষ গোৱেল
নতুন দিল্লী, ২২ ডিচেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সোমবাৰে কয় যে ভাৰত আৰু আমেৰিকাই দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনাৰ উন্নত পৰ্যায়ত আগবাঢ়িছে। ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ আলোচনা সম্পূৰ্ণ হোৱা
प्रेस को संबोधित करते हुए वाणिज्‍य एवं उद्योग मंत्री पीयूष गोयल


নতুন দিল্লী, ২২ ডিচেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সোমবাৰে কয় যে ভাৰত আৰু আমেৰিকাই দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনাৰ উন্নত পৰ্যায়ত আগবাঢ়িছে।

ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ আলোচনা সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত গোৱালে ইয়াত সংবাদ মাধ্যমৰ আগত কয় যে আমি ইতিমধ্যে আমেৰিকাৰ সৈতে আমাৰ আলোচনাৰ উন্নত পৰ্যায়ত আছো। তেওঁ উল্লেখ কৰে যে শেহতীয়াকৈ আমেৰিকাৰ উপ বাণিজ্য প্ৰতিনিধি ৰিক ছুইজাৰে তেওঁৰ দলৰ সৈতে ভাৰত ভ্ৰমণ কৰি বাণিজ্যিক আলোচনাৰ পৰ্যালোচনা কৰিছিল। ১১ ডিচেম্বৰত দুদিনীয়া আলোচনাৰ সামৰণি পৰে।

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত এফ টি এয়ে ভাৰত আৰু বিভিন্ন খণ্ডৰ বাবে যি অভূতপূৰ্ব সুযোগ দাঙি ধৰিছে, সেই বিষয়ে তেওঁ আলোকপাত কৰে। তেওঁ কয় যে আমাৰ ব্যৱসায়ী, ৰপ্তানিকাৰক, এম এছ এম ই, কৃষক, মহিলা উদ্যোগী, যুৱক-যুৱতী, আৰু পেছাদাৰীসকলে উন্নত সুযোগ লাভ কৰিব। গোৱালে লগতে এই ঐতিহাসিক চুক্তিয়ে উন্নত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বিশ্ব বাণিজ্যিক অংশীদাৰিত্ব সম্প্ৰসাৰণ কৰিব বুলিও জোৰ দিয়ে।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতেও কানাডাৰ সৈতে বাণিজ্যিক চুক্তিৰ বাবে আলোচনা পুনৰ আৰম্ভ কৰাৰ প্ৰক্ৰিয়াত আছে। তেওঁ কয় যে আমি অতি সোনকালে কানাডাৰ সৈতে টিওআৰ (Terms of Reference) সম্পৰ্কে আলোচনা আৰম্ভ কৰিম। ইয়াৰ দ্বাৰা বিশ্বৰ ভূ-ৰাজনীতিত ভাৰতৰ ক্ৰমবৰ্ধমান কৌশলগত গুৰুত্ব প্ৰতিফলিত হৈছে।’ তেওঁ লগতে কয় যে ভাৰতে এতিয়ালৈকে পাঁচ চকু মিত্ৰজোঁটৰ তিনিটা সদস্য অষ্ট্ৰেলিয়া, যুক্তৰাজ্য আৰু নিউজিলেণ্ডৰ সৈতে মুক্ত বাণিজ্য চুক্তি চূড়ান্ত কৰিছে। এই চোৰাংচোৱা-বিনিময় নেটৱৰ্কৰ পাঁচখন দেশৰ ভিতৰত আছে অষ্ট্ৰেলিয়া, কানাডা, নিউজিলেণ্ড, যুক্তৰাজ্য আৰু আমেৰিকা।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande