ওদালগুৰি জিলাৰ বৰঝাৰত ভয়ংকৰ অগ্নিকাণ্ড জুইত জাহ গ'ল লক্ষাধিক টকাৰ সা-সম্পত্তি
ওদালগুৰি, ২২ ডিচেম্বৰ (হি.স.)। ওদালগুৰি জিলাৰ বৰঝাৰত ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাহ গ''ল লক্ষাধিক টকাৰ সা-সম্পত্তি। ওদালগুৰি জিলাৰ বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নি কাণ্ডত বীৰেন্দ্ৰ নগৰ আশ্ৰমৰ ষাঠি /সত্তৰ বিঘা মাটি
ওদালগুৰি জিলাৰ বৰঝাৰত ভয়ংকৰ অগ্নিকাণ্ড জুইত জাহ গ'ল লক্ষাধিক টকাৰ সা-সম্পত্তি


ওদালগুৰি, ২২ ডিচেম্বৰ (হি.স.)। ওদালগুৰি জিলাৰ বৰঝাৰত ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাহ গ'ল লক্ষাধিক টকাৰ সা-সম্পত্তি।

ওদালগুৰি জিলাৰ বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নি কাণ্ডত বীৰেন্দ্ৰ নগৰ আশ্ৰমৰ ষাঠি /সত্তৰ বিঘা মাটিৰ খেৰ আদি কৰি শতাধিক মোন ধান চকুৰ পলকতে জুইত জাহ যায়।প্ৰত্যক্ষ দৰ্শীৰ মতে কালি নিশা বিদ্যুৎতৰ তাৰৰ পৰা সুত্ৰপাত হয় জুই.. লগে লগে জুইৰ ভিবিশিখাই আগুৰি ধৰে সকলো ঠাই খিনিক।স্থানীয় ৰাইজে জুই নুমাবলৈ অগ্নিনিৰ্বাপক বাহানীক ফোন কৰে যদিও পলম কৈ উপস্থিত হয় ঘটনা স্থলীত। স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহানীৰ সহযোগত জুই নুমাবলৈ সক্ষম হয়।ঘটনা স্থলীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চৰণ বড়ো,পাঁচনৈ চেৰফাঙৰ পৰিষদ শ্যামচণ্ডী আজি উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ লয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande