বাংলাদেশৰ জেলৰ পৰা ৰিমাণ্ডত নিয়াৰ সময়তে আৱামী লীগৰ নেতাৰ মৃত্যু
ঢাকা, ২২ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ কাৰাগাৰৰ বিষয়াসকলে জনোৱা মতে, গাজীপুৰৰ কাশিমপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৰিমাণ্ডত নিয়াৰ সময়ত কালি আৱামী লীগৰ এজন নেতাৰ মৃত্যু হয়। গোপালগঞ্জৰ টুংগীপাৰা মহকুমাৰ উত্তৰ বাছবাৰিয়া গাঁৱৰ ৪৩ বছৰীয়া ৱাছিকুৰ ৰহমান ব
বাংলাদেশৰ জেলৰ পৰা ৰিমাণ্ডত নিয়াৰ সময়তে আৱামী লীগৰ নেতাৰ মৃত্যু


ঢাকা, ২২ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ কাৰাগাৰৰ বিষয়াসকলে জনোৱা মতে, গাজীপুৰৰ কাশিমপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৰিমাণ্ডত নিয়াৰ সময়ত কালি আৱামী লীগৰ এজন নেতাৰ মৃত্যু হয়। গোপালগঞ্জৰ টুংগীপাৰা মহকুমাৰ উত্তৰ বাছবাৰিয়া গাঁৱৰ ৪৩ বছৰীয়া ৱাছিকুৰ ৰহমান বাবু নামৰ যুৱকজন। বড্ডা থানা ছাত্ৰ লীগৰ প্ৰাক্তন সভাপতিৰ লগতে বড্ডা থানা আৱামি লীগৰ যুৱ আৰু ক্ৰীড়া সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

দ্য ডেইলী ষ্টাৰৰ তথ্য অনুসৰি কাশিমপুৰ চেণ্ট্ৰেল জেল-২ৰ অধীক্ষক আল মামুনে কয় যে বাবুৰ মৃত্যু হৈছে হাৰ্ট এটেকত। কাৰাগাৰৰ বিষয়াসকলে জনোৱা মতে, ৰাজধানীৰ পন্থাপাঠ অঞ্চলত শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ অভিযোগত সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত ৰুজু হোৱা গোচৰত বাবুক ২৪ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল। তিনিদিন পিছত তেওঁক কাশিমপুৰ কেন্দ্ৰীয় কাৰাগাৰ-২ লৈ বদলি কৰা হয়। পিছত আদালতে আৰক্ষীক তিনিদিনৰ ৰিমাণ্ড প্ৰদান কৰে।

আল মামুনে জনোৱা মতে, কালি বিয়লি বাবুক জেৰাৰ বাবে জিম্মাত ল’বলৈ আৰক্ষীৰ এটা দল জেলত উপস্থিত হয়। জেলৰ কোঠা এটালৈ লৈ গৈ বহিবলৈ ক’লে। জেলৰ অধীক্ষকে ক'লে, সেই মুহূৰ্ততে হঠাতে চকীৰ পৰা পৰি অজ্ঞান হৈ পৰিল। লগে লগে বাবুক গাজীপুৰৰ শ্বহীদ তাজুদ্দিন আহমেদ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande