
নলবাৰী, ২১ ডিচেম্বৰ (হি.স.)। ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত। নিতৌ ভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে চলাই আছে সন্ত্ৰাস। যোৱা কালি শনিবাৰে নিশা নলবাৰীৰ খাট কটৰা আৰু ক্ষুদ্ৰ কটৰা গাঁৱত বনৰীয়া হাতীয়ে আক্ৰমণ চলায়। নিশা বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটোৰ কেবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে।
বনৰীয়া হাতীৰ সন্ত্ৰাস বাবে নিতৌ উজাগৰি কটাবলগীয়া হৈছে অঞ্চলবাসী লোকসকলে । অঞ্চলবাসীয়ে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অঞ্চলটোত চলাৰ লাইটৰ ব্যৱস্থা কৰাৰ লগতে টৰ্চ লাইট যোগান ধৰিবলৈ অনুৰোধ জনাইছে।
উল্লেখযোগ্য যে বিগত কেবা বছৰ ধৰি নলবাৰী, বাক্সা আৰু তামুলপুৰ জিলাৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ বৃহৎ জাক সন্ত্ৰাস চলাই আহিছে যদিও বন বিভাগে হাতীৰ জাক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু