বিজনীত বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছ খানৰ পুত্তলিকা দাহ
চিৰাং জিলা ৰাষ্ট্ৰীয় বজৰংগ দলৰ উত্তাল প্ৰতিবাদ।
বিজনীত বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছ খানৰ পুত্তলিকা দাহ


চিৰাং ২১ ডিচেম্বৰ (হি.স.): বাংলাদেশত হিন্দুৰ ওপৰত নাৰকীয় ঘটনাৰ বিৰুদ্ধে চিৰাং জিলা ৰাষ্ট্ৰীয় বজৰংগ দলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চিৰাং জিলাৰ বিজনী চহৰৰ মাজমজিয়াত যোৱা কালি শনিবাৰে সন্ধিয়া চিৰাং জিলা ৰাষ্ট্ৰীয় বজৰংগ দলৰ উদ্যোগত অনুষ্ঠিত কৰা‌ হয় প্ৰতিবাদী কাৰ্যসূচী।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে বাংলাদেশৰ এক হিন্দু যুৱকক নিৰ্মম ভাৱে প্ৰহাৰ কৰি হত্যা কৰে। এই নিৰ্মম ভাৱে প্ৰহাৰ কৰিও শান্ত নাথাকি গছত ওলোমাই জুই লগাই জ্বলাই দিয়ে। এই ঘটনাক কেন্দ্ৰ কৰিয়েই আজি বিজনীত ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্য সকলে বাংলাদেশৰ ইউনুচ চৰকাৰৰ প্ৰতিমূৰ্তি বনাই দাহ কৰে। প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, ভাৰত চৰকাৰ হায় হায়, হিন্দু হত্যা নচলিব আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande