
শিৱসাগৰ, ২১ ডিচেম্বৰ (হি.স.): শিৱসাগৰত বহু বিবাহৰ ঘটনা উন্মোচিত হৈছে । ইয়াৰ পিছতে ভুক্তভোগী মহিলা আৰক্ষীৰ কাষ চাপে । শিৱসাগৰৰ নামতি চাৰিআলিৰ মুবিদুৰ ৰহমান নামৰ ব্যক্তিজনৰ বিৰুদ্ধে বহু বিবাহৰ অভিযোগ আনিছে ভুক্তভোগী মহিলাগৰাকীয়ে।
মুবিদুৰে কেইবাগৰাকী মহিলাৰ সৈতে বিবাহত আবদ্ধ হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বিশেষকৈ বিধৱা মহিলাসকলক লক্ষ্য় কৰি সংঘটিত কৰি গৈছে এই ঘটনা। এগৰাকীৰ পাছত আনগৰাকী মহিলাক লুন্ঠন কৰাৰ অভিযোগৰে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। জানিব পৰামতে, কৌশলেৰে নিজৰ প্ৰেমৰ জালত বন্দী কৰে বিধৱা মহিলাক। ।প্ৰেম আৰু বিবাহৰ প্ৰলোভনেৰে নিজৰ জালত বন্দী কৰি বিধৱা মহিলা গৰাকীৰ সকলো সম্পত্তি লুন্ঠনৰ কৰাৰ অভিযোগ উঠিছে মুবিদুৰৰ বিৰুদ্ধে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বহুবিবাহ বিৰোধী আইনকো ভেঙুচালি কৰি এই বহুৰূপী প্ৰৱঞ্চকে চলাই গৈছে লুন্ঠন কাৰ্য।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ