চিকিৎসা শিক্ষাৰ আলোচনা চক্ৰ
চিকিৎসা শিক্ষাৰ আলোচনা চক্ৰ।
চিকিৎসা শিক্ষাৰ আলোচনা চক্ৰ


বঙাইগাঁও, ২১ ডিচেম্বৰ (হি.স.): ইণ্ডিয়ান মেডিকেল এছোচিয়েছনৰ বঙাইগাঁও শাখাৰ উদ্যোগত বঙাইগাঁৱত যোৱা কালি শনিবাৰে এদিনীয়া চিকিৎসা শিক্ষাৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। বঙাইগাঁও চহৰৰ হোটেল জাহ্নৱী ৰিজেন্সিত অনুষ্ঠিত এই আলোচনা চক্ৰত বিভিন্ন ঠাইৰ পৰা অহা ইণ্ডিয়ান মেডিকেল এছোচিয়েছনৰ সদস্যসকলে ভাগ লয়।

স্বাস্থ্য সেৱা আগবঢ়াই থকা চিকিৎসকসকলৰ চিকিৎসা শিক্ষাৰ বিষয়ে অধিক জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে এই আলোচনা চক্ৰৰ আয়োজন কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ইণ্ডিয়ান মেডিকেল এছোচিয়েছনৰ অসম ৰাজ্যিক শাখাৰ সম্পাদক ডা° অতুল কুমাৰ কলিতাই।আলোচনা চক্ৰটোত কিমানবোৰ বিষয়বস্তু সাঙোৰা হৈছে এই বিষয়ে ইণ্ডিয়ান মেডিকেল এছোচিয়েছনৰ অসম ৰাজ্যিক শাখাৰ যুটীয়া সম্পাদক ডা° সমিক দেয়ে চমুকৈ উল্লেখ কৰে।উক্ত এই আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° তৰণী ডেকা অতিথি হিচাপে উপস্থিত থাকে। প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আলোচনা চক্ৰৰ বন্তি প্ৰজ্জ্বলন কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande