ওদালগুৰিৰ ৩ নং ৰজাগড়ত ১০৪ বছৰীয়া এগৰাকী অসহায় আইতাৰ কৰুণ গাথা
পাচ কুৰি বছৰ অতিক্ৰম কৰা জীৱনৰ বিয়লি বেলাত দুর্বিসহ জীৱন নৰ্মদা দেৱীৰ।
ওদালগুৰিৰ ৩ নং ৰজাগড়ত ১০৪ বছৰীয়া এগৰাকী অসহায় আইতাৰ কৰুণ গাথা


জীৱনৰ এই অন্তিম কালত এটি পকীঘৰ আৰু বৃদ্ধ পেঞ্চন বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান আইতা গৰাকীৰ।

বছৰ-বছৰ ধৰি চৰকাৰী কোনো আঁচনিয়ে ঢুকি নাপালে এইগৰাকী আইতাক , চৰকাৰী আচঁনিৰ পৰা বঞ্চিত হৈ থাকিল দৰিদ্ৰ পৰিয়ালৰ বৃদ্ধা।

ওদালগুৰি, ২১ ডিচেম্বৰ (হি.স.): ওদালগুৰি জিলাৰ ভেৰগাঁ‌ও বিধানসভা সমষ্টিৰ অন্তর্গত ডিমাকুছিৰ ৩ নং ৰজাগড়ৰ নর্মদা দেৱী নামৰ এগৰাকী অশীতিপৰ বৃদ্ধাৰ কৰুণ কাহিনীয়ে সহৃদয় জনক অন্তৰত আঘাত দিছে । বৃদ্ধ কালৰ সময়ছোৱাতো আইতাগৰাকীয়ে লাভ কৰিবলৈ সমৰ্থ নহল এটি চৰকাৰী গৃহ। ১০৪ বছৰীয়া আইতাগৰাকীৰ হেঁপাহ জীৱনৰ অন্তিম সময়ছোৱাত লাগে চৰকাৰৰ অকণমান দয়া, মমতা, চৰকাৰী আঁচনি অথবা এটা চৰকাৰী ঘৰ । অতি পৰিতাপৰ বিষয় যে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৩৩নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এমচিএলএ পল টপ্প'ৰ নিজৰ সমষ্টিৰ প্ৰায়ভাগ লোকে বিভিন্ন আঁচনি পাইছে যদিও আজিলৈকে কোনো নেতা-পালিনেতাৰ চকুত নপৰিল শতবর্ষ গৰকা এইগৰাকী আইতা।

জনপ্ৰতিনিধি আহিছে আৰু গৈছে, আজিলৈকে আইতাগৰাকীয়ে চৰকাৰৰ পৰা পাবলৈ সক্ষম নহ'ল এটিও ফুটাকড়ি কিম্বা আঁচনি, যাৰ বাবে আইতাই অহর্নিশে বাট চাই থাকে ৰজাঘৰীয়াৰ বৰমুৰীয়া নেতাসকলৰ মুখৰ ফালে । ভাৰত স্বাধীন হোৱাৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈ স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ ভোটাৰ আছিল আইতাগৰাকী । মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুকে ধৰি কেইবাগৰাকীও মহান ব্যক্তিক সাক্ষাৎ কৰি আহিছে আইতাগৰাকীয়ে । এতিয়াও আইতাই সুন্দৰভাৱে সুস্থ শৰীৰে কথা-বতৰা পাতি জীয়াই থাকিব বিচাৰে । এইগৰাকী আইতাই আজিলৈকে লাভ নকৰিলে চৰকাৰী সুবিধা । বিগত সময়ত সম-অধিকাৰ, সম-মর্যাদা প্রদান কৰা বিটিআৰৰ মুৰব্বী প্রমোদ বড়োৰ বিটিআৰৰ উন্নয়নেও ঢুকি নাপালে ৰজাগড়ৰ এইগৰাকী আইতাক । আইতাই দীর্ঘদিনে এটি জৰাজীর্ণ জুপুৰিত নিজৰ নাতি আৰু নাতিবোৱাৰীৰ পৰিয়ালৰ সৈতে বাস কৰি আহিছে।

মিত্রজোঁট চৰকাৰে সমাজৰ দুখীয়া দৰিদ্ৰৰ বাবে বহু আঁচনি আনিলে, বছতে এই আঁচনিৰ সুবিধাও ল'লে। কিন্তু আইতাইহে আজিলৈকে নাপালে চৰকাৰৰ সুবিধা । অৰুণোদয় আঁচনিৰ লগতে আইতাই নাপালে এটি সাধাৰণ চৰকাৰী ঘৰো । নাতিৰ সৈতে নিশা আকাশৰ তৰা দেখা উৰুখা পজাত জীৱনৰ অন্তিম সময়ছোৱা অতিবাহিত কৰিছে আইতাই । আজিলৈকে এইগৰাকী আইতাৰ নামত চৰকাৰে আবন্টন নিদিলে এটা প্রধানমন্ত্রী আবাসগৃহ। এইগৰাকী অশীতিপৰ আইতাৰ সপোন- এটা নতুন ঘৰ দিব চৰকাৰে । সেয়েহে বাবে বাবে মুখ্যমন্ত্রী ড' হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী, বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী , এমচিএলএ পল টপ্প'ক হাতযোৰ কৰি আইতাই কাতৰ অনুৰোধ জনাইছে । নতুন ঘৰটোত নাতিৰ সৈতে জীৱনৰ অন্তিম সময়খিনি কটাব বিচাৰে আইতাই। এতিয়া চৰকাৰী সুবিধা বিচাৰি হাবাথুৰি খাইছে আইতাই। আইতাৰ এই দুর্দশাৰ কাহিনীৰ প্ৰতি চৰকাৰ তথা জনপ্রতিনিধিৰ দৃষ্টিগোচৰ হ'বনে সেয়াহে তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande