কৃষ্ণাইৰ বেকীপুলত বন্যহস্তীৰ তাণ্ডৱ
গোৱালপাৰা, ২১ ডিচেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বেকীপুলত নিশা এজাক বন্যহস্তীয়ে কেবাটাও পৰিয়ালৰ ঘৰত আক্ৰমণ কৰি ঘৰ-দুৱাৰ লণ্ডভণ্ড কৰাৰ লগতে ধান-চাউল, সা-সম্পত্তি বিনষ্ট কৰে ৷ আনকি হাতীৰ আক্ৰমণত তিনি গৰাকী লোক আঘাত প্ৰাপ্ত হয় ৷ নিশা ৩০/৩
কৃষ্ণাইৰ বেকীপুলত বন্যহস্তীৰ তাণ্ডৱ


গোৱালপাৰা, ২১ ডিচেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বেকীপুলত নিশা এজাক বন্যহস্তীয়ে কেবাটাও পৰিয়ালৰ ঘৰত আক্ৰমণ কৰি ঘৰ-দুৱাৰ লণ্ডভণ্ড কৰাৰ লগতে ধান-চাউল, সা-সম্পত্তি বিনষ্ট কৰে ৷ আনকি হাতীৰ আক্ৰমণত তিনি গৰাকী লোক আঘাত প্ৰাপ্ত হয় ৷ নিশা ৩০/৩৫ জনীয়া বন্যহস্তীৰ জাকে খাদ্যৰ সন্ধানত গুৰীয়া টিলাপাৰা আৰু কাতৰীপাৰা গাওঁত প্ৰৱেশ কৰি চাৰিটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে ৷

ইয়াৰে ইন্দ্ৰজিৎ ৰাভাৰ সপোণৰ ঘৰখন নিশা নিমিষতে বনৰীয়া হাতীয়ে ভাঙি পেলোৱাত গৃহহীন হৈ পৰিছে ৷ ঘৰৰ চোতালত থকা প্ৰায় ২০ মোন ধান খাই শেষ কৰাৰ লগতে ঘৰৰ সকলো সা-সম্পত্তি নষ্ট কৰে ৷ আনহাতে একেখন গাঁৱৰে পৱিত্ৰ কুমাৰ ৰায় আৰু আন এটা পৰিয়ালৰ ঘৰ ভাঙি ধান চাউল খাই তহিলং কৰে ৷ ইয়াৰ পাছতে হাতীৰ জাকটো কাতৰীপাৰা গাঁৱৰ ৰজনী কান্ত ৰাভাৰ এটা পকী আৰু এটা কেঁচা ঘৰ ভাঙি ধান চাউল খাই তহিলং কৰে ৷ পিছত স্থানীয় ৰাইজে টৰ্চ লাইট, ফটকা ফুটাই আৰু জুই জ্বলাই হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয় ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande