নলবাৰীৰ বৰকুৰাত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা
নলবাৰীৰ বৰকুৰাত থকা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা৷
নলবাৰীৰ বৰকুৰাত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা


নলবাৰী, ২১ ডিচেম্বৰ (হি.স.): নলবাৰী জিলাৰ বৰকুৰাত থকা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ উৰণীয়া সেতুত যোৱা কালি শনিবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ বৰকুৰাস্থীত উৰনীয়া সেতুত দুগৰাকী বাইক আৰোহী যুবকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয়৷

অতি সংকটঃ জনক অৱস্থাত স্থানীয় লোক আৰু আৰক্ষীয়ে দুয়োগৰাকীকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আহত দুই যুৱকক সংকটজনক অবস্থাত নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হৈছে ৷ বৰ্তমান দুই যুবকৰ পৰিচয় লাভ কৰা নাই নলবাৰী আৰক্ষীয়ে ৷ নলবাৰীৰ পৰা বৰমাৰ দিশত এখন বাইকেৰে গৈ থকা যুৱক দুজনে উৰণীয়া সেতুৰ পৰা নামি গৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ৰেলিঙত তীব্ৰ বেগে খুণ্ডিয়াওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande