
তামুলপুৰ, ২১ ডিচেম্বৰ (হি.স.): তামুলপুৰৰ গোৰেশ্বৰৰ বৰকুচলাত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। যোৱা কালি শনিবাৰে নিশা প্ৰায় ৮ মান বজাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত থিতাতে নিহত এজন আৰু গুৰুতৰভাৱে এজন আহত হয় ।
জানিব পৰা মতে গোৰেশ্বৰৰ অভিমুখে আহি থকা চাৰিচকীয়া এএছ ০১ এফপি ৬৭৯৫ নম্বৰৰ বাহনখন নিয়ন্ত্ৰন হেৰুৱাই পথৰ কাষৰ দ' খাৱৈত বাগৰি পৰাৰ ফলত সংঘটিত হয় এই দূৰ্ঘটনাটো। উক্ত দুৰ্ঘটনাত নিহত ৩নং বালাবাৰীৰ লক্ষী বড়োৰ লগতে গুৰুতৰভাৱে আহত হয় একেই গাঁৱৰে চিআৰপিএফ জোৱান ৰাজু নাৰ্জাৰী । গুৰুতৰভাৱে আহত ৰাজু নাৰ্জাৰীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে ঘটনা স্থলীত উপস্থিত গোৰেশ্বৰ থানাৰ আৰক্ষী ।গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ বাহন খন উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ