
ওদালগুৰি, ২১ ডিচেম্বৰ (হি.স.): ওদালগুৰি জিলাৰ টংলাৰ পলাহগড়ত এক উদ্যোমী যুৱক প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে দিচাং বেমব্ৰ' ৰিজৰ্ট'।নান্দনিক পৰিৱেশৰ জাক-জমকতাত আপুনি হৈ পৰিব আপ্লুত।
সম্পূৰ্ণ একক প্ৰচেষ্টাত ৰিটু ৰাজ বৰুৱাৰ ঔৰষত গঢ় লৈ উঠা দিচাং বেমব্ৰ' ৰিজৰ্ট' ত বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। প্ৰায় কুৰি জনতকৈও অধিক লোকক কৰ্মস্থাপনৰ বাট মুকলি কৰি যুৱ প্ৰজন্মক কৰ্মমুখী কৰিবলৈ সমৰ্থ হৈছে ৰিজৰ্ট খনৰ স্বতাধিকাৰী ৰিটু ৰাজ বৰুৱা। এইক্ষেত্ৰত যুৱ প্ৰজন্মক আবাবত সময় নষ্ট নকৰি হাতে কামে লাগিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ