বোকাখাতৰ বিহৰা চাহ বাগিচাত কংগ্ৰেছ দলৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন
গোলাঘাট, ২১ ডিচেম্বৰ (হি.স.)। গোলাঘাট জিলাৰ বোকাখাতৰ বিহৰা চাহ বাগিচাত কংগ্ৰেছ দলৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । বোকাখাত ব্লক আৰু নগৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত এই ধৰ্ণা কাৰ্যসূচী। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত আৰু এনৰেগাৰ নাম পৰিবৰ্তন
বোকাখাতৰ বিহৰা চাহ বাগিচাত কংগ্ৰেছ দলৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন


গোলাঘাট, ২১ ডিচেম্বৰ (হি.স.)। গোলাঘাট জিলাৰ বোকাখাতৰ বিহৰা চাহ বাগিচাত কংগ্ৰেছ দলৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । বোকাখাত ব্লক আৰু নগৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত এই ধৰ্ণা কাৰ্যসূচী।

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত আৰু এনৰেগাৰ নাম পৰিবৰ্তন তথা বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ জলজীৱন আঁচনিৰ বিফলতা আৰু দূৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে। গোলাঘাট জিলা কংগ্ৰেছৰ উপ-সভাপতি ধৰ্মেশ্বৰ কুৰ্মী, জিলা সম্পাদক ৰত্নেশ্বৰ কুটুম, গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি সিমান্ত শ‌ইকীয়া,নগৰ ব্লক কংগ্ৰেছৰ সভাপতি লক্ষী শ‌ইকীয়া, জিলা পৰ্যবেক্ষক সুনীল তাঁতী, বোকাখাত ব্লক কংগ্ৰেছৰ সম্পাদক বিজু পেগু, বোকাখাত কংগ্ৰেছৰ গণেশ দলে, জুম্মা খান,বাবাটু তাঁতী, ৰোহিনী দাসৰ লগতে ভালেসংখ্যক কংগ্ৰেছ কৰ্মী আজিৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande