হাইলাকান্দি জিলাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ
হাইলাকান্দি জিলাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ ।
হাইলাকান্দি জিলাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ


হাইলাকান্দি, ২১ ডিচেম্বৰ (হি.স.): বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্যাতন কৰাক লৈ উত্তাল হৈ পৰিছে অসম । বাংলাদেশৰ এজন হিন্দু যুৱকক ৰাজপথত জ্বলাই দিয়াৰ নৃশংস হত্যাৰ পাছত ইউনুছ চৰকাৰক বিৰূদ্ধে যোৱা কালি শনিবাৰে সন্ধিয়া প্ৰতিবাদত নামিল হাইলাকান্দি জিলাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মীসকল।

কৰ্মীসকলে প্ৰতিবাদ লগতে হাইলাকান্দি ৰাজপথত অৱৰোধ আৰু বিক্ষোভ প্ৰদৰ্শন কৰে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তীব্ৰ সমালোচনা কৰি কয় ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিষয়ে কোনো ধৰণৰ আপোচ গ্ৰহণযোগ্য নহ’ব। বাংলাদেশৰ অন্তবর্তীকালীন ইউনিছ চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰে হাইলাকান্দি জিলাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। হাইলাকান্দি জিলাৰ ৰাজপথত বাংলাদেশৰ অন্তবর্তীকালীন চৰকাৰ ইউনিছৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande