চুবুৰীয়া দেশ বাংলাদেশৰ নিৰ্মম হত্যা কাণ্ডৰ ঘটনাক লৈ অসম - ত্ৰিপুৰাত তীব্ৰ প্ৰতিবাদ
চুবুৰীয়া দেশ বাংলাদেশৰ নিৰ্মম হত্যা কাণ্ডৰ ঘটনাই সমগ্ৰ অসম - ত্ৰিপুৰা জুৰি তীব্ৰ প্ৰতিবাদ ।
চুবুৰীয়া দেশ বাংলাদেশৰ নিৰ্মম হত্যা কাণ্ডৰ ঘটনাক লৈ অসম - ত্ৰিপুৰাত তীব্ৰ প্ৰতিবাদ


কাছাৰ, ২১ ডিচেম্বৰ (হি.স.): চুবুৰীয়া দেশ বাংলাদেশৰ নিৰ্মম হত্যা কাণ্ডৰ ঘটনাক লৈ উত্তাল হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চল। অসমৰ লগতে ত্ৰিপুৰাতো হিন্দু লোকৰ বিৰুদ্ধে উক্ত নাৰকীয় কাণ্ডৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। যোৱা কালি শনিবাৰে বিয়লি শিলচৰ চহৰৰ ৰাজপথত ওলাই আহে শ শ হিন্দু ৰাইজ, বাংলাদেশৰ মুৰব্বী ইউনুস ৰ কুশপুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কাছাৰ জিলা বিজেপি সহ বিভিন্ন হিন্দু সংগঠন সমূহে।

বাংলাদেশত নিৰ্মম ভাবে হত্যা কৰা শ্ৰমিক দিপু চন্দ্ৰ দাসক কেন্দ্ৰ কৰি শিলচৰ সহ বৰাক উপত্যকাৰ প্ৰান্তে প্ৰান্তে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ।কাছাৰ জিলা বিজেপি যুৱ মোৰ্চাৰ কৰ্মীসকলে আজি শিলচৰ চহৰৰ চৌহদত বাংলাদেশৰ অন্তবর্তীকালীন চৰকাৰৰ মুৰব্বী তথা প্ৰধানমন্ত্ৰী মোহাম্মদ ইউনুছৰ প্ৰতিমূৰ্তি জ্বলাই হিন্দু অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে আন্তঃৰাষ্ট্ৰীয় আদালতত বাংলাদেশী মৌলবাদী অপৰাধীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে। তেওঁলোকে স্পষ্ট কৰি দিয়ে যে বাংলাদেশ ত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ কোনো ধৰণে মানি নলয় আৰু প্ৰয়োজন হ’লে তাৰ বাবে প্ৰতিবাদ অব্যাহত থাকিব। তেওঁলোকে আশা প্ৰকাশ কৰে যে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে শক্তিশালী হাতেৰে বিষয়টো দমন কৰিবলৈ চেষ্টা কৰিব।

ইফালে ভাৰত-বাংলাদেশ বৰাক উপত্যকাৰ সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে। বি এছ এফৰ এক সূত্ৰই জনোৱা মতে, বাংলাদেশী উগ্ৰপন্থী বা যিকোনো জেহাদী শক্তিয়ে যাতে কোনো ধৰণৰ অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে বি এছ এফে ভাৰতৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। আনফালে, বাংলাদেশৰ এই নিৰ্মম হত্যা কাণ্ডৰ ঘটনাই সমগ্ৰ বিশ্বতে হিন্দু সমাজৰ মাজত বিয়াগোম প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমগ্ৰ ঘটনাই সামাজিক মাধ্যমত শান্তিৰ ধৰ্ম ইসলাম বুলি কোৱা কথাৰে তীব্ৰ গৰিহণা দি জঘন্য ভাষাত প্ৰতিবাদ সাব্যস্ত কৰে অধিকাংশ ৰাইজে । এই ঘটনাই এটা জাতিক বিশ্বৰ বুকুত লজ্জানত কৰিলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande