
নলবাৰী, ২১ ডিচেম্বৰ (হি.স.): নৱবাৰী জিলাৰ মুকালমুৱা চতেমাৰীৰ এখন চৰকাৰী বিদ্যালয়ৰ শৈক্ষিক দিশৰ পয়ালগা অৱস্থাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে । প্ৰধান শিক্ষকৰ লগতে এজন চৰকাৰী শিক্ষকৰে ৫০ জন ছাত্ৰ ছাত্ৰীক কৰিছে পাঠদান।
মুকালমুৱা চতেমাৰীৰ এখন মধ্য ইংৰাজী বিদ্যালয়ৰ অৰ্ধ নিৰ্মিত ঘৰত চলাইছে পাঠদান। এফালে যদি ঘৰৰ ভিতৰত ৰদ পৰিছে আনফালে আকৌ ধুলি সোমাইছে বিদ্যালয়ৰ ভিতৰত। ইফালে প্ৰধান শিক্ষকজনে চৰকাৰী কামত ওলাই গলে ৫০জন ছাত্ৰ ছাত্ৰীক পাঠদান কৰে এজন শিক্ষকে। এইক্ষেত্ৰত ছাত্ৰ–ছাত্ৰীসকলক উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি সচেতন মহলে আহ্বান জনইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ