
গুৱাহাটী, ২১ ডিছেম্বৰ (হি.স.)। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আজি দ্বিতীয়টো দিন। দেওবাৰে পুৱা অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰীৰ মোদীৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠান। ব্ৰহ্মপুত্ৰৰ বুকুত ‘চৰাইদেউ’ জাহাজত উঠি ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। আজিয়েই প্ৰধানমন্ত্ৰীয়ে অসমৰ ডিব্ৰুগড়ৰ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেড (বিভিএফচিএল)-ৰ বৰ্তমানৰ চৌহদত নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ ভূমিপূজন কৰিব।
উল্লেখ্য যে অসমত প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত চলন্ত জাহাজত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চর্চা’ কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ ১২খন জিলাৰ ২৫গৰাকী শিক্ষার্থীৰে মত-বিনিময় কৰে প্রধানমন্ত্রী নবেন্দ্র মোডীয়ে। গুৱাহাটী প্ৰৱেশদ্বাৰৰ পৰা ‘চৰাইদেউ’ জাহাজত উঠে প্ৰধানমন্ত্ৰী মোডী। শিক্ষাৰ্থীৰ ওপৰত বৃদ্ধি পোৱা পঢ়া বা অধ্যয়নৰ চাপৰ পৰা কিদৰে নিজকে নিয়ন্ত্ৰণত ৰাখি চাপমুক্তভাবে পৰীক্ষাত অবতীর্ণ হ’ব পাৰে তাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৮ চনৰ পৰা সময়ে সময়ে এই অনুষ্ঠানটোৰ আয়োজন কৰি আহিছে। য’ত নির্বাচিত মেধাৱী শিক্ষার্থীসকলক ভাগ লোৱাৰ সুযোগ দিয়া হয়।
‘পৰীক্ষা পে চৰ্চা’ সমাপ্ত কৰি গুৱাহাটী প্ৰৱেশ দ্বাৰৰ পৰা বৰাগাঁৱৰ শ্বহীদ স্মাৰকলৈ ৰাওনা হয় প্রধানমন্ত্ৰী মোডী। বৰগাঁৱত থকা শ্বহীদ স্মাৰকক্ষেত্ৰ জাতীয় বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে ডিব্ৰুগড়লৈ ৰাওনা হোৱাৰ অৰ্থে বৰঝাৰৰ গোপীনাথ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰলৈ ৰাওনা হয়। ইয়াৰ পৰা বিশেষ বিমানেৰে উৰা মাৰিব । ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰেৰে নামৰূপলৈ যাব। নামৰূপ সাৰ কাৰখানাৰ ভূমি পূজন কৰিব মোডীয়ে। সাৰ কাৰখানাৰ এটা নতুন গোটৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে। ১০ হাজাৰ ৫০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১২.৭ মেট্ৰিকটন বছৰি ইউৰিয়া উৎপাদন কৰিব প্ৰকল্পটোৱে। নতুন ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পটোৰ আনুমানিক বিনিয়োগ ₹১ কোটিৰো অধিক। এই প্ৰকল্পই অসম তথা চুবুৰীয়া ৰাজ্যসমূহৰ সাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব, যথেষ্ট কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব, আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰিব। ই ঔদ্যোগিক পুনৰুজ্জীৱন আৰু কৃষকৰ কল্যাণৰ মূল শিলাস্তম্ভ হিচাপে পৰিগণিত হৈছে।
ইয়াৰ পাছতে হাপজান পথাৰত বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। তাৰ পৰা ডিব্ৰুগড়লৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোডী। ডিব্ৰুগড় বিমান বন্দৰৰ পৰা দিল্লীলৈ ৰাওনা হ’ব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া