বিজনীৰ দুয়োটা বৃক্ক বিকল এক ব্যক্তিৰ‌ ৰাইজৰ পৰা সহায়ৰ আহ্বান
মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে‌ ৰাইজৰ পৰা সহায়ৰ আহ্বান।
বিজনীৰ দুয়োটা বৃক্ক বিকল এক ব্যক্তিৰ‌ ৰাইজৰ পৰা সহায়ৰ আহ্বান


চিৰাং, ২১ ডিচেম্বৰ (হি.স.): চিৰাং জিলাৰ বিজনীৰ ১ নং ছোটলাওগাঁৱৰ বাসিন্দা অনন্ত মজুমদাৰ (৪২) নামৰ লোকজন বিগত এবছৰ ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আহিছে।‌ বিগত কিছু দিন‌ গুৱাহাটীত চিকিৎসা কৰিও সুফল নাপাই বিভিন্ন স্থানৰ পৰা ৰিন ধাৰ কৰি চেন্নাইত চিকিৎসা গ্ৰহণ কৰে। চেন্নাইত চিকিৎসাৰ পিছত অনন্ত মজুমদাৰৰ দুয়োটা বৃক্ক বিকল হোৱাৰ কথা জনায় চিকিৎসকে। চিকিৎসকে অনন্ত মজুমদাৰক তিনি মাহৰ ভিতৰত বৃক্ক সলাই ল'বলৈ পৰামৰ্শ আগবঢ়ায়। অনন্ত মজুমদাৰ বাচি থকাৰ আশা । এটা বৃক্ক সলাবলৈ ২০ লাখ টকাৰ প্ৰয়োজন। অনন্ত মজুমদাৰৰ নাই বুলিবলৈ একোৱেই নাই । যি‌ আছিলে এবছৰ চিকিৎসা কৰি সৰ্বশ্ৰান্ত অনন্ত মজুমদাৰ। এতিয়া দুজন সৰু সৰু সন্তানলৈ পৰিছে বিপদত।

এই বিপদৰ পৰা বাচিবলৈ একমাত্ৰ ভৰসা অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ জনতা। যদি সকলোৱে কিঞ্চিত সাহায্য কৰে তেতিয়াহলে অনন্ত মজুমদাৰৰ লগতে দুখীয়া পৰিয়ালটো বাচিব পাৰিব। যদি কোন সহৃদয় ব্যাক্তিয়ে এই অনন্ত মজুমদাৰক সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰে তেতিয়া হ'লে অনন্ত মজুমদাৰৰ পত্নীৰ নামত চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ হাপাচাৰা ব্ৰাঞ্চত থকা একাউন্ট নম্বৰ 5698125768 IFC কোড: CBIN0282565 নম্বৰৰ লগতে তেওঁলোকৰ লগত 7635891051নম্বৰত যোগাযোগ কৰি সহায় কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা আহ্বান জনায়।মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ পৰা আৰ্থিক সহায় বিচাৰিছে পৰিয়ালটোৱে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande