তেজপুৰ বিহগুৰিত প্ৰণামো মাতৃভাষাৰ উদ্যোগত মাতৃভাষা সজাগতা সভা
শোণিতপুৰ, ২১ ডিচেম্বৰ (হি.স.)। ইংৰাজী মাধ্যমৰ সমান্তৰালভাৱে মাতৃভাষাক গুৰুত্ব কিমান দিয়ে ইংৰাজী মাধ্যমত৷ এই বিষয় সমুহো এতিয়া চিন্তাৰ বিষয়৷ আজি জাতীয় বিদ্যালয়ৰ উদ্যোগত তেজপুৰ বিহগুৰিত প্ৰণামো মাতৃভাষাৰ উদ্যোগত মাতৃভাষা সজাগতা সভা অনুষ্ঠিত হয়৷ মাতৃভ
তেজপুৰ বিহগুৰিত প্ৰণামো মাতৃভাষাৰ উদ্যোগত মাতৃভাষা সজাগতা সভা


শোণিতপুৰ, ২১ ডিচেম্বৰ (হি.স.)। ইংৰাজী মাধ্যমৰ সমান্তৰালভাৱে মাতৃভাষাক গুৰুত্ব কিমান দিয়ে ইংৰাজী মাধ্যমত৷ এই বিষয় সমুহো এতিয়া চিন্তাৰ বিষয়৷ আজি জাতীয় বিদ্যালয়ৰ উদ্যোগত তেজপুৰ বিহগুৰিত প্ৰণামো মাতৃভাষাৰ উদ্যোগত মাতৃভাষা সজাগতা সভা অনুষ্ঠিত হয়৷

মাতৃভাষাৰ চৰ্চা,উত্তৰণ আৰু ঐতিহ্য ৰক্ষাৰ সংকল্পৰে গঠিত প্ৰণামো মাতৃভাষাৰ উদ্যোগত আৰু শোণিতপুৰ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত আজি তেজপুৰৰ বিহগুৰিস্থিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনত এখন সজাগতা সভা অনুষ্ঠিত হয়। পুৱা ১০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত জিলাখনৰ বহুকেইখন জাতীয় বিদ্যালয়,শংকৰদেৱ শিশু নিকেতন আৰু অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ সৈতে জড়িত শিক্ষক-শিক্ষয়িত্ৰী,অভিভাৱক সমন্বিতে ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

বৰগীতেৰে শুভাৰম্ভ হোৱা সভা খনৰ উদ্দেশ্য বাখ্যাৰ পিছতে মাতৃভাষা মাধ্যমৰ ক্ষেত্ৰত দেখা প্ৰত্যাহ্বান আৰু উঠি অহা প্ৰজন্মক মাতৃভাষাৰ প্ৰতি কিদৰে শ্ৰদ্ধাশীল কৰিব পৰা যায়,সেই সম্বন্ধে সাৱলীল বক্তব্য প্ৰদান কৰে অভিজিৎ শৰ্মা বৰুৱা, প্ৰকাশ মহন্ত,ডা° নাৰায়ণ শৰ্মা,যুৱ বক্তা ত্ৰিদিপ ভাগৱতী আৰু জয়মতী নাৰ্জাৰীয়ে। বিশেষ ভাৱে মাতৃভাষাৰ প্ৰতি থকা শ্ৰদ্ধা গৌৰৱ ইত্যাদিক গুৰুত্ব প্ৰদান কৰা হয় এই অনুষ্ঠানটোত৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande