
প্ৰহাৰ কৰাৰ সময়ত স্থানীয় লোক উপস্থিত হোৱাত পলায়ন যুৱকৰ দলৰ।
প্ৰহাৰ কৰা ভিডিঅ' নিজেই ভাইৰেল কৰিলে সামাজিক মাধ্যমত।
দৰঙৰ ধূলাত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত তৰ্কা-তৰ্কিৰ ভয়ংকৰ পৰিনাম এয়া!
দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।
আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালৰ ।
দৰং, ২১ ডিচেম্বৰ (হি.স.): দৰং জিলাৰ দলগাঁও আৰক্ষীৰ থানাৰ অন্তৰ্গত খাৰপুৰী হাবি গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। স্কুলীয়া ছাত্ৰক বলপূৰ্বক চাৰিচকীয়া বাহনত উঠাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৬ জনীয়া যুৱকৰ দলৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি যোৱা বৃহস্পতিবাৰে সন্ধিয়া গাঁও খনৰ ছিৰাজুল হকৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অধ্যয়নৰত পুত্ৰ ৰেজাউল হক ঘৰৰ পৰা ৰাস্তাত ওলোৱাৰ সময়ত ৬ জনীয়া যুৱকৰ দলে এএছ ০১ এফ ডব্লিউ ১২৩২AS নম্বৰৰ ৱেগন'আৰ বাহনত বলপূৰ্বক উঠাই খাৰুপেটীয়াৰ টাউন ফিল্ডত লৈ গৈ কাণত ধৰাই উঠা-বহা কৰোৱাৰ লগতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। পিছত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হোৱাত পলায়ন কৰে দলটোয়ে।
ইফালে প্ৰহাৰ কৰা ভিডিঅ' যুৱকৰ দলটোৱে স্বয়ং ভাইৰেল কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী ছাত্ৰজনে। ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষী থানাত খাৰুপেটীয়া থানাৰ অন্তৰ্গত খকজানি গাঁৱৰ আশ্বিক আলফা, ছাইফউদ্দিন আহমেদৰ লগতে অজ্ঞাত কেইবাজনৰো বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালৰ লোকে। ভুক্তভোগী ছাত্ৰ জনে জনোৱা অনুসৰি-কিছুদিন পূৰ্বে দৰঙৰ ধূলাত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত নৃত্য কৰাৰ সময়ত ছাত্ৰ জনৰ সৈতে তৰ্কত লিপ্ত হৈছিল যুৱক কেইজন। ভিৰৰ মাজত আক্ৰমণ কৰিব নোৱাৰাৰ বাবেই পূৰ্বপৰিকল্পনাৰে অপহৰণ কৰি আক্ৰমণ কৰাৰ অভিযোগ কৰে ভুক্তভোগীয়ে।
ইফালে এজাহাৰ দাখিল কৰাৰ পিছতো দলগাঁও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে এই ক্ষেত্ৰত কোন সঁচা, কোন মিছা সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাহিনী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ