নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰৰ নতুন ইউনিটৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
ডিব্ৰুগড়, ২১ ডিচেম্বৰ (হি.স.)। ১০ হাজাৰ কোটি টকা ব্যয়ৰে অসম ভেলী ফাৰ্টিলাইজাৰৰ নতুন ইউনিটৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওৰ ভাষণত চাওল্যুং চুকাফা,বীৰ লাচিত বৰফুকনৰ, ভীমবৰ দেউৰী,বদৌচা, সৰ্বানন্দ সিংহ,ক
নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰৰ নতুন ইউনিটৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ


ডিব্ৰুগড়, ২১ ডিচেম্বৰ (হি.স.)। ১০ হাজাৰ কোটি টকা ব্যয়ৰে অসম ভেলী ফাৰ্টিলাইজাৰৰ নতুন ইউনিটৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওৰ ভাষণত চাওল্যুং চুকাফা,বীৰ লাচিত বৰফুকনৰ, ভীমবৰ দেউৰী,বদৌচা, সৰ্বানন্দ সিংহ,কনকলতাৰ নাম উল্লেখ কৰে। আজি নামৰূপ আৰু অসমবাসীৰ বাবে এটা বিশেষ দিন। এই অঞ্চলবাসীৰ সপোন পূৰণ হোৱা পথত। অসমে বিকাশৰ নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে। এইয়া আৰম্ভণিহে,অসমক আৰু অধিক আগবঢ়াই নিয়া হ'ব।

এখন শক্তিশালী অসম প্ৰতিষ্ঠাৰ কথা প্ৰধান মন্ত্ৰী মোদীৰ মুখত। তেও উল্লেখ কৰে ,দেশৰ বিকাশৰ যাত্ৰাত কৃষকৰ বৃহৎ অৱদান আছে, সেয়েহে চৰকাৰে কৃষকৰ উন্নয়নৰ কথা চিন্তা কৰি আহিছে। নামৰূপৰ নতুন এমনিয়া-ইউৰিয়া প্ৰকল্পই কৃষকক উপকৃত কৰিব। নতুন প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ লগে লগে কৰ্ম সংস্থাপনৰ বাট মুকলি হ'ব। নামৰূপ সাৰ নিগমলৈ স্থবিৰতা দূৰ কৰিবলৈ কংগ্ৰেছ চৰকাৰে কোনো ব্যৱস্থা নললে।

আদৰণি ভাষণত কংগ্ৰেছক কটু সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কংগ্ৰেছৰ শাসন কালত নামৰূপ সাৰ নিগমে গুৰুত্ব নাপালে।

মুখ্যমন্ত্ৰী তেওৰ ভাষণত উল্লেখ কৰে যে ২০২১ ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট উন্নিতকৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল কিন্তু প্ৰধানমন্ত্ৰীৰ উদাৰতাৰ বাবে এই নতুন প্ৰকল্পই ১২ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিবলৈ সক্ষম হ'ব। ৰাজ্যৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও প্ৰকল্পৰ অনুমোদন দিছে। এই প্ৰকল্প সমূহৰ বাবে কেন্দ্ৰই ২৪ হাজাৰ কোটি টকাৰ অনুমোদন দিছে। দেশৰ সৰ্বশ্ৰেষ্ঠ ৫ খন ৰাজ্যৰ অসমে স্থান পাবলৈ অগ্ৰসৰ হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ড.মনমোহন সিঙক‌ সমালোচনা মুখ্যমন্ত্ৰীৰ।

অসমৰ ভাষা সংস্কৃতি বিকাশৰ বাবে প্ৰধানমন্ত্ৰীয়ে লোৱা উদ্যোগক প্ৰশংসা মুখ্যমন্ত্ৰীৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande