হাইলাকান্দিত ভয়াবহ অগ্নিকাণ্ড জুইত দোকান ভষ্মীভূত
হাইলাকান্দিত ভয়াবহ অগ্নিকাণ্ড জুইত জাহগল এখ্ন দোকান।
হাইলাকান্দিত ভয়াবহ অগ্নিকাণ্ড জুইত দোকান ভষ্মীভূত


হাইলাকান্দি, ২১ ডিচেম্বৰ (হি.স.): হাইলাকান্দিত যোৱা কালি শনিবাৰে নিশা ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডত জাহ যায় এখন দোকান। হাইলাকান্দি চহৰৰ উকিল পট্টিৰ চৌধুৰী ট্ৰেডিং নামৰ এখন দোকানত জুইৰ ফলত বহুক্ষতি গ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে।

বিদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে। দোকান বন্ধ কৰি ঘৰত যোৱাৰ পিছত দোকানৰ ভিতৰৰ পৰা জুইৰ সুত্ৰপাত হৈছিল। পিছত স্থানীয় ৰাইজে দোকানৰ ভিতৰত জুই দেখি দোকানৰ তালা ভাঙি ভিতৰত প্ৰবেশ কৰি পানি ঢালি জুই নিয়ন্ত্ৰণ কৰে লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দলো উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। জুইৰ ফলত দোকানত থকা বহু সামগ্ৰী ভস্মীভূত হয় যাৰ ফলত প্ৰায় ২ ৰ পৰা ২.৫০ লাখ টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande