
গুৱাহাটী, ২১ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেওবাৰে পুৱা গুৱাহাটীত লুইতৰ বুকুত ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ ২৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। ‘চৰাইদেউ’ জাহাজত শিক্ষাৰ্থীৰে প্ৰধামন্ত্ৰীগৰাকীয়ে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণ কৰে। বাৰ্ষিক পৰীক্ষাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে কৰা পৰম্পৰাগত আদান-প্ৰদানৰ পৰা পৃথক আছিল এই অনন্য স্থান।
শিক্ষাৰ্থীৰ ওপৰত বৃদ্ধি পোৱা পঢ়া বা অধ্যয়নৰ চাপৰ পৰা কিদৰে নিজকে নিয়ন্ত্ৰণত ৰাখি চাপমুক্তভাবে পৰীক্ষাত অবতীর্ণ হ’ব পাৰে তাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৮ চনৰ পৰা সময়ে সময়ে এই অনুষ্ঠানটোৰ আয়োজন কৰি আহিছে। য’ত নির্বাচিত মেধাৱী শিক্ষার্থীসকলক ভাগ লোৱাৰ সুযোগ দিয়া হয়। অসমত প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত চলন্ত জাহাজত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চর্চা’ কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ ১২খন জিলাৰ ২৫গৰাকী শিক্ষার্থীৰে মত-বিনিময় কৰে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে। ২৫গৰাকী শিক্ষার্থীক ইতিমধ্যে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে নির্বাচিত কৰিছিল। তেওঁলোকে প্রধানমন্ত্ৰীৰ সৈতে কেনেধৰণে বার্তালাপ কৰিব, কেনেকৈ প্ৰধানমন্ত্ৰীগৰাকীক প্রশ্ন সুধিব সেই বিষয়ে প্রশিক্ষণ প্রদান কৰা হৈছিল।
শিক্ষা বিভাগে সমগ্র শিক্ষা অসমৰ জৰিয়তে ইয়াৰ কাৰ্যালয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল। ৰাজ্যৰ যিসকল ছাত্র-ছাত্রীক প্রধানমন্ত্রীৰ এই অনুষ্ঠানত ভাগ ল’বলৈ কৰিবলৈ বাছনি কৰা হৈছিল, তেওঁলোকক গুৱাহাটীৰ গণেশগুৰিৰ এখন হোটেলত ১৮ ডিচেম্বৰৰ পৰা ৰখা হৈছে। উল্লেখ্য যে অনুষ্ঠানটোত ভাগ ল’বলৈ সুযোগ পোৱা ২৫গৰাকী শিক্ষার্থী হৈছে ক্ৰমে কামৰূপ (মহানগৰ) জিলাৰ ক্ৰমে ৰয়েল গ্ল'বেল স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ বিহান উপাধ্যায়, ডনবস্ক’ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী অনহিতা সিং, উত্তৰ গুৱাহাটী ছোৱালী হাইকুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী অর্পিতা দাস, অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্রী নিষ্ঠা বৰগোহাঁই, বিষ্ণুপথৰ শংকৰদেৱ বিদ্যা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী শুভ্রজিতা বর্মন, খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী ত্রিদিশা মালাকাৰ আৰু মালিগাঁও কেন্দ্রীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অভিনীত বৰুৱা।
মৰিগাঁও জিলাৰ তিনিজনৰ ভিতৰত মৈৰাবাৰীৰ পি এমশ্রী আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী কৃষ্টিজিনা বৰা, নৱোদয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ নঈম মাছুদ আৰু, পি এমশ্রী জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী জেনিফা আহমেদ।
কামৰূপ জিলাৰ তিনিজনৰ ভিতৰত দকুছি আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আশীতা শৰ্মা, ৰাজ্যিক নৱোদয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছফিউৰ ৰহমান আৰু দমদমাৰ পি এমশ্রী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ৰঞ্জন কলিতা।
ডিব্ৰুগড় জিলাৰ ভিতৰত মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ তন্ময় চুতীয়া, মাইজান চাহ বাগিচা আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পল্লৱী কৰ্মকাৰ আৰু দিৰিয়াল চাহ বাগিচা আদর্শ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বিকাশ ভূমিজ।
কাছাৰ জিলাৰ শিলচৰৰ সৰস্বতী বিদ্যা নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰী দেৱাঞ্জলি ভট্টাচার্য আৰু নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ পীযূষ দেৱনাথ।
উল্লেখ্য যে এই মত বিনিময়ৰ অন্তত প্ৰধানমন্ত্ৰী মোডীয়ে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মৃতিসৌধত অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে তেওঁ ডিব্ৰুগড় জিলাৰ নামৰূপলৈ গৈ ১২.৭ মিলিয়ন মেট্ৰিক টন সাৰ উদ্যোগৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটো অঞ্চলটোত সাৰ উৎপাদন শক্তিশালী কৰাৰ লগতে কৃষি উন্নয়নক প্ৰসাৰিত কৰাৰ বাবে ৰচনা কৰা হৈছে। যোৱা ২০ ডিচেম্বৰত গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰাৰ এদিন পিছতে এই ভ্ৰমণৰ সময়তে তেওঁ টাৰ্মিনেল কমপ্লেক্সৰ প্ৰৱেশদ্বাৰত অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ