
শ্ৰীভুমি, ২১ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ দীপু হত্যাকাণ্ডক কেন্দ্ৰ কৰি কংগ্ৰেছে শ্ৰীভুমিত মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ ।ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ পদত্যাগৰ দাবী কংগ্ৰেছৰ। ভাৰতৰ পৰা বাংলাদেশলৈ আমদানি আৰু ৰপ্তানি স্থায়ী নিষেধাজ্ঞাৰ দাবী যুৱ কংগ্ৰেছৰ সভাপতি শুভাজিৎ চক্ৰৱৰ্তীৰ। বাংলাদেশৰ বৰ্বৰ কাণ্ডক লৈ কালি শ্ৰীভূমি বিজেপিৰ প্ৰতিবাদ হিন্দু সকলৰ বাবে এক নাটক আৰু শ্ব’ বুলি ক'লে এনএছইউআইৰ সভাপতি সুষমিত দেৱে।
ইফালে বাংলাদেশৰ সংখ্যালঘু হিন্দু যুৱক দিপুৰ মৃত্যুক লৈ সীমান্তত বিয়পি পৰিছে প্ৰতিবাদৰ জোৱাৰ! সেই ঘটনাৰ প্ৰতিবাদত কৰিমগঞ্জ কংগ্ৰেছ, এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ ছাত্ৰ শাখাই শ্ৰীভূমিৰ ৰাজপথলৈ ওলাই আহিল। মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি জ্বলাই প্ৰতিবাদত। এনএছইউআই আৰু যুৱ কংগ্ৰেছৰ কৰ্মীসকলে দাবী আৰু ক্ষোভ উত্থাপন কৰে।
বাংলাদেশত বিগত এবছৰ ধৰি সংখ্যালঘু লোকৰ ওপৰত চলি থকা অত্যাচাৰে সহনশীলতাৰ সকলো সীমা অতিক্ৰম কৰিলে। দিপু চন্দ্ৰ দাসৰ নিৰ্মম হত্যাকাণ্ডই মধ্যযুগীয় বৰ্বৰতাকো চেৰ পেলাইছে। দেওবাৰে কৰিমগঞ্জ কংগ্ৰেছৰ এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ কৰ্মীসকলে প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে দেশ খনৰ তত্ত্বাৱধায়ক চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক কঠোৰভাৱে সকীয়াই দিয়ে যে অতি সোনকালে শক্তিশালী হাতেৰে নৰকীয় ঘটনাৰ সোঁত বন্ধ কৰক।
মানৱ ইতিহাসৰ আটাইতকৈ লজ্জাজনক ঘটনাই বাংলাদেশৰ মানৱ সভ্যতাক কলংকিত কৰিছে। মহম্মদক অপমান কৰাৰ অভিযোগত সংখ্যালঘু লোকক নিৰ্যাতন আৰু জীৱন্তে জ্বলাই দিয়াৰ দৰে ঘটনা সঁচাকৈয়ে অতি চিন্তনীয়। ভাৰত চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰি এটা উচিত শিক্ষা দিব লাগে মন্তব্য আগবঢ়াই চলমান তালুকদাৰ, এন এছ ইউ আইৰ সভাপতি সুশ্মিত দেৱ, যুৱ কংগ্ৰেছৰ মুৰব্বী শুভাজিৎ চক্ৰৱৰ্তীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা