
গোলাঘাট, ২১ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । ইয়াৰ মাজতে যোৱা কালি শনিবাৰে নিশা দেৰগাঁৱৰ পাচনিবৰা গাঁৱৰ ৰাইজে ড্ৰাগছসহ হাতে-লোটে ধৰে দুই যুৱকক ।
জানিব পৰামতে, দুই যুৱকে চিৰিঞ্জৰ সহায়ত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে অঞ্চলটোৰ ৰাইজে । ধৃত দুই ড্ৰাগছ আসক্ত দেৰগাঁৱৰ অজয় হৰিজন আৰু ৰাজু ৰোচন বুলি পৰিচয় পোৱা গৈছে । ক্ষুব্ধ ৰাইজে দুই ড্ৰাগছ আসক্তক আঁঠু কঢ়াই কাণত ধৰাই দিলে শিক্ষা । পৰৱৰ্তী সময়ত দেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে আটক কৰি লৈ যায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ