
ধুবুৰী, ২১ ডিচেম্বৰ (হি.স.)। বিলাসীপাৰাৰ গান্ধী চকত আমছুৰ প্ৰতিবাদ | বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলোৱা অত্যাচাৰৰ অভিযোগত বাংলাদেশ অন্তৰ্ৱৰ্তী চৰকাৰৰ প্ৰধানমন্ত্ৰী মোঃ ইউনিছৰ প্ৰতিকৃতি দাহ কৰি বিলাসীপাৰা জিলা আমছুৰ উত্তাল প্ৰতিবাদ |
বাংলাদেশত শেহতীয়াকৈ সংখ্যলঘু হিন্দু যুৱক এজনক মৰিয়াই মৰিয়াই জ্বলাই দি হত্যা কৰা আৰু সংখ্যালঘু হিন্দুৰ ওপৰত চলোৱা নিৰ্যাতন বন্ধ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ বাংলাদেশ মুৰ্দাবাদ, মোঃ ইউনিছ মুৰ্দাবাদ ধ্বনিৰে আমছুৱে বিলাসীপাৰাৰ ৰাজপথ কপাই তোলে ৷ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনাত প্ৰতিবাদ সাব্যস্ত কৰি আমছুৰ দাবী প্ৰয়োজন হলে সামৰিক বাহিনীৰ জৰিয়তে বাংলাদেশক দমন কৰিবলৈ দাবী জনায় |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা