বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্যাতন কৰাক লৈ বিলাসীপাৰাত উত্তাল প্ৰতিবাদ
বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্যাতন কৰাক লৈ বিলাসীপাৰাত উত্তাল প্ৰতিবাদ।
বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্যাতন কৰাক লৈ বিলাসীপাৰাত উত্তাল প্ৰতিবাদ


ধুবুৰী, ২১ ডিচেম্বৰ (হি.স.): বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্যাতন কৰাক লৈ ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱা কালি শনিবাৰে সন্ধিয়া উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰা হয়। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে সাব্যস্ত কৰে এই প্ৰতিবাদ।

বাংলাদেশৰ এজন হিন্দু যুৱকক ৰাজপথত জ্বলাই দিয়াৰ নৃশংস হত্যাৰ পাছত ইউনুছ চৰকাৰক বিৰূদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে বাংলাদেশৰ মুৰ্দাবাদ, হিন্দুৰ ওপৰত নিৰ্যাতন কৰা বন্ধ কৰক, আদি বিভিন্ন শ্বো গ্লানেৰে উত্তাল কৰি তোলে সংগঠনটোৱে। বাংলাদেশৰ অন্তৱর্তীকালীন ইউনুছ চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰে বিলাসীপাৰা জিলা সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। বাংলাদেশত বসবাস কৰা মুছলমান সম্প্ৰদায়ৰ মানুহৰ বাবে আমি ভাৰতীয় মুছলমান হিচাপে লজ্জিত বুলি মন্তব্য কৰে নেতা কৰ্মীয়ে। বাংলাদেশৰ হিন্দু পৰিয়ালক সুৰক্ষা প্ৰদান ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰক দাবী জনায় সংগঠনটোৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande