আমছুৰ উদ্যোগত পুত্তলিকা দাহ কাৰ্যসূচী
চিৰাং, ২১ ডিচেম্বৰ (হি.স.)। চিৰাঙৰ বিজনী পৌৰসভাৰ কাৰ্য্যালয়ৰ সমীপত দেওবাৰে বিয়লি বিজনী জিলা আমছুৰ উদ্যোগত পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাংলাদেশৰ দীপু চন্দ্ৰ দাস নামৰ হিন্দু যুৱকক নিৰ্মম ভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ প্ৰতিবাদত, বাংলাদেশত
আমছুৰ উদ্যোগত পুত্তলিকা দাহ কাৰ্যসূচী


চিৰাং, ২১ ডিচেম্বৰ (হি.স.)। চিৰাঙৰ বিজনী পৌৰসভাৰ কাৰ্য্যালয়ৰ সমীপত দেওবাৰে বিয়লি বিজনী জিলা আমছুৰ উদ্যোগত পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

বাংলাদেশৰ দীপু চন্দ্ৰ দাস নামৰ হিন্দু যুৱকক নিৰ্মম ভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ প্ৰতিবাদত, বাংলাদেশত ধর্মীয় সংখ্যালঘু (হিন্দু) লোকৰ ওপৰত চলি থকা নিৰন্তৰ অত্যাচাৰ, নিপীড়ন আৰু গুৰুতৰ নিৰাপত্তাহীনতাৰ ঘটনাৰ তীব্র নিন্দা স্বৰূপে তথা বাংলাদেশৰ একাংশ ৰাজনৈতিক নেতাই ভাৰতবিৰোধী আৰু উত্তৰ-পূৰ্বাঞ্চলবিৰোধী যি ধৰণৰ উচতনিমূলক মন্তব্য আৰু বক্তব্য আগবঢ়াইছে।

ইয়াৰ বিৰুদ্ধে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডঃ মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande