প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে ৰহাত সদৌ তিৱা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
তিৱা ছাত্ৰ সন্থাৰ কেইবাটাও দাবীত বৃহৎ জোঁৰ সমদলেৰে এই প্ৰতিবাদ
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে ৰহাত সদৌ তিৱা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ


নগাঁও, ২১ ডিচেম্বৰ (হি.স.): প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে ৰহাত সদৌ তিৱা ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তিৱা স্বায়ত্ত্ব পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, তিৱা ভাষা শিক্ষক নিযুক্তি দিয়া, ট্ৰাইবেল বেল্ট ব্লকৰ মাটি বেদখল মুক্ত কৰা, কাৰ্বি আংলঙৰ তিৱাসকলৰ বাবে আঞ্চলিক পৰিষদ গঠন কৰা, জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰত স্থানীয় জনজাতীয় যুৱক যুৱতীক নিয়োগ কৰা আদিৰ দাবীত শনিবাৰে সন্ধিয়া সদৌ তিৱা ছাত্ৰ সন্থাই উলিয়ায় বৃহৎ জোঁৰ সমদল৷

সদৌ তিৱা ছাত্ৰ সন্থাৰ ৰহা আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই জোঁৰ সমদলে ৰহা চহৰ পৰিভ্ৰমণ কৰি “ তিৱা স্বায়ত্ত্ব পৰিষদক ষষ্ঠ অনুসূচী প্ৰদান কৰক, তিৱা ভাষা শিক্ষক নিযুক্তি দিয়ক, আমাৰ দাবী মানিবই লাগিব“ আদি ধ্বনিৰে উত্তাল কৰি তোলে ৰহা চহৰ৷ লগতে চৰকাৰে তিৱা জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা কৰি অহা বুলি চৰকাৰক কঠোৰ সমালোচনা কৰে আৰু ডিচেম্বৰৰ ভিতৰত তিৱা ছাত্ৰ সন্থাৰ লগত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী তোলে৷ অন্যথা অধিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে আগন্তুক নিৰ্বাচনত তিৱা ৰাইজে বিজেপিক উচিত শিক্ষা দিব বুলিও সকীয়াই দিয়ে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande