
নতুন দিল্লী, ০২ ডিচেম্বৰ (হি.স.)। ব্ৰাজিলৰ মুখ্য প্ৰশিক্ষক কাৰ্লো এন্সেল’টিয়ে স্পষ্ট কৰি দিছে যে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ দলত স্থান লাভ কৰিবলৈ ভিনিচিয়াছ জুনিয়ৰ সম্পূৰ্ণ ফিট হ’ব লাগিব। এনচেল’টিয়ে পুনৰ কয় যে তেওঁ কেৱল ১০০ শতাংশ মেচ ফিট খেলুৱৈকহে অন্তৰ্ভুক্ত কৰিব।
অক্টোবৰ মাহত এন্সেল’টিয়ে নেইমাৰক একেধৰণৰ সতৰ্কবাণী জাৰি কৰি সকীয়াই দিছিল যে দলটোৰ বাবে বিবেচনা কৰিবলৈ হ’লে ছান্টোছৰ ফৰৱাৰ্ডগৰাকীয়ে সম্পূৰ্ণ ফিটনেছলৈ ঘূৰি আহিব লাগিব।
ব্ৰাজিলৰ ক্ৰীড়া কাৰ্যসূচী ই-স্প’ৰ্টছ ৰেকৰ্ডৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইটালীৰ প্ৰশিক্ষকগৰাকীয়ে কয় যে তেওঁ সকলো খেলুৱৈকে একে মানদণ্ডৰে ধৰি ৰাখে।
এনচেলটিয়ে কয়, দলটোত বহু উচ্চমানৰ খেলুৱৈ আছে, আৰু মই ১০০ শতাংশ ফিট হোৱা খেলুৱৈক বাছি ল'ব লাগিব। এইটো কেৱল নেইমাৰৰ কথা নহয়; এইটো ভিনিচিয়াছৰ ক্ষেত্ৰতো প্ৰযোজ্য। যদি ভিনিচিয়াছ ৯০ শতাংশ ফিট হয়, তেন্তে মই ১০০ শতাংশ ফিট খেলুৱৈক বাছি ল'ম, কাৰণ আমাৰ হাতত অতি প্ৰতিযোগিতামূলক বিকল্প আছে, বিশেষকৈ আক্ৰমণৰ ক্ষেত্ৰত।
জুন মাহত পেৰাগুৱেৰ বিৰুদ্ধে ১-০ গ’লত জয়লাভ কৰি ব্ৰাজিলৰ একমাত্ৰ গ’লটো দি ভিনিচিয়াছ জুনিয়ৰে ২০২৬ চনৰ বিশ্বকাপত স্থান নিশ্চিত কৰিছিল।
১১ জুনৰ পৰা ১৯ জুলাইলৈ উত্তৰ আমেৰিকাত অনুষ্ঠিত হ’ব ২০২৬ চনৰ ফিফা বিশ্বকাপ।
২৩ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ আন্তঃৰাষ্ট্ৰীয় উইণ্ড’ৰ সময়ত বষ্টনত ফ্ৰান্সৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচ খেলিব ব্ৰাজিলে।
हिन्दुस्थान समाचार / অৰৱিন্দ