শুকুৰবাৰে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ফাইনেল ড্ৰ’ত অংশগ্ৰহণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প: হোৱাইট হাউছ
ৱাশ্বিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ০২ ডিচেম্বৰ (হি.স.)। হোৱাইট হাউছে সোমবাৰে নিশ্চিত কৰে যে এই সপ্তাহৰ শেষৰ ফালে ৱাশ্বিংটনত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ ফাইনেল ড্ৰ’ত অংশগ্ৰহণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। আমেৰিকাই কানাডা আৰু মেক্সি
अमेरिकी राष्ट्रपति डोनाल्ड ट्रंप


ৱাশ্বিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ০২ ডিচেম্বৰ (হি.স.)। হোৱাইট হাউছে সোমবাৰে নিশ্চিত কৰে যে এই সপ্তাহৰ শেষৰ ফালে ৱাশ্বিংটনত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ ফাইনেল ড্ৰ’ত অংশগ্ৰহণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

আমেৰিকাই কানাডা আৰু মেক্সিকোৰ সৈতে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ সহযোগত আয়োজন কৰিব।

হোয়াইট হাউছৰ প্ৰেছ সচিব কেৰলিন লেভিটে সংবাদ মাধ্যমৰ আগত কয় যে শুকুৰবাৰে কেনেডি চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ ফাইনেল ড্ৰ’ত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ট্ৰাম্পে।

ট্ৰাম্পে ফিফা বিশ্বকাপক তেওঁৰ দ্বিতীয় কাৰ্যকালৰ অন্যতম অগ্ৰাধিকাৰ হিচাপে গঢ়ি তুলিছে আৰু অহা বছৰ আমেৰিকাৰ স্বাধীনতা ২৫০ বছৰীয়া জয়ন্তীৰ এক গুৰুত্বপূৰ্ণ আলোকপাত বুলি অভিহিত কৰিছে।

কিন্তু ট্ৰাম্পৰ কঠোৰ নীতিৰ ফলত সৃষ্টি হোৱা এই মেগা স্প’ৰ্টছ ইভেণ্ট ৰাজনৈতিক অস্থিৰতাৰ পৰা মুক্ত হোৱা নাই।

ৰাষ্ট্ৰপতি ট্ৰাম্পে ইয়াৰ পূৰ্বে আমেৰিকাৰ কিছুমান আয়োজক চহৰৰ পৰা মেচ স্থানান্তৰ কৰাৰ সম্ভাৱনা উত্থাপন কৰিছিল, বিশেষকৈ যিবোৰ চহৰক তেওঁ অপৰাধ আৰু অবৈধ অনুপ্ৰৱেশৰ দ্বাৰা জুৰুলা ডেম’ক্ৰেটিক দলৰ দ্বাৰা পৰিচালিত অঞ্চল বুলি বৰ্ণনা কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande