
গুৱাহাটী, ০২ ডিচেম্বৰ(হি.স.)। সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা(স্বা.)ৰ শীৰ্ষ নেতা বাণ অসমে আত্মসমৰ্পন কৰাৰ কথা জানিব পৰা গৈছে। আলফা(স্বা.)ৰ শীৰ্ষ নেতা অৰূণোদয় দহোতিয়াৰ আত্মসমৰ্পনৰ পিছত শেহতীয়া ভাবে বাণ অসমৰ আত্মসমৰ্পনে বিশেষ তাৎপৰ্য্য বহন কৰিছে।
আলফা(স্বা.)ৰ ম্যানমাৰত থকা শিবিৰৰ কেম্প কমাণ্ডাৰ বাণ অসমে অৰুণাচল প্ৰদেশৰ নামচাইত থকা আসাম ৰাইফলচৰ শিবিৰত আত্মসমৰ্পন কৰে। আত্মসমৰ্পনৰ সময়ত আলফা কেডাৰ গৰাকী এটা অত্যাধুনিক এম কিউ ৰাইফলৰ সৈতে ১৫০ জাঁই সক্ৰিয় গুলি জমা দিয়ে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ