
- চিকিৎসকে কয় যে চিকিৎসাৰ সঁহাৰি অতি ক্ষীণ
ঢাকা, ০২ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ অধ্যক্ষ বেগম খালেদা জিয়াৰ অৱস্থা সংকটজনক। যোৱা ২৩ নৱেম্বৰত ঢাকাৰ ৰাজধানমণিৰ এভাৰকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ২৭ নৱেম্বৰত তেওঁক চতুৰ্থ মহলাৰ চিচিইউলৈ বদলি কৰা হয়। আজি বিয়লি চিকিৎসালয়ৰ বাহিৰত তেওঁৰ ব্যক্তিগত চিকিৎসকে উল্লেখ কৰে যে তেওঁৰ চিকিৎসাৰ সঁহাৰি অতি ক্ষীণ। ইয়াৰ পূৰ্বে ঢাকা আৰক্ষীয়ে চিকিৎসালয়খনৰ নিৰাপত্তা অধিক শক্তিশালী কৰিছিল আৰু চতুৰ্থ মহলা সম্পূৰ্ণৰূপে খালী কৰা হৈছিল। লণ্ডনত নিৰ্বাসিত হৈ থকা খালেদাৰ পুত্ৰ তাৰিক ৰহমানে মাতৃৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰা সকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
দ্য ডেইলী ষ্টাৰৰ তথ্য অনুসৰি আজি পুৱাই হঠাতে এভাৰকেয়াৰ হাস্পতালত আৰক্ষী উপস্থিত হৈ খালেদা জিয়াৰ বাবে নিৰাপত্তা কটকটীয়া কৰে । বিশেষ নিৰাপত্তা বাহিনীয়ে চিকিৎসালয়খনত পুংখানুপুংখ তালাচী চলায়। বয়সৰ লগত জড়িত একাধিক ৰোগত আক্ৰান্ত ৮০ বছৰীয়া খালেদা এভাৰকেয়াৰ হাস্পতালত ভেণ্টিলেটৰৰ সহায়ত আছে। দেশৰ অন্তৱৰ্তীকালীন চৰকাৰে তেওঁৰ সংকটজনক অৱস্থাৰ পোহৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁক ভিভিআইপি (অতি গুৰুত্বপূৰ্ণ ব্যক্তি) ঘোষণা কৰি বিশেষ নিৰাপত্তা বাহিনী প্ৰদান কৰাৰ জাননী জাৰি কৰে। এটা বাৰ্তা যোগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খালেদা জিয়াৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে। ইফালে লণ্ডনত বাস কৰা তেওঁৰ পুত্ৰ তাৰিক ৰহমানে ঘৰলৈ উভতি যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰাৰ ইংগিত পোৱা গৈছে।
ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে বেগম খালেদা জিয়াৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে, বেগম খালেদা জিয়াৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ পাই মই গভীৰভাৱে দুখী হৈছো। আমাৰ আন্তৰিক প্ৰাৰ্থনা আৰু শুভেচ্ছা তেওঁৰ আশু আৰোগ্যৰ বাবে। ভাৰত আমি সকলো ধৰণে সহায় কৰিবলৈ সাজু আছে। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এই বাৰ্তাটো এনে সময়তে আহিছে যেতিয়া খালেদা জিয়া উন্নত চিকিৎসা গ্ৰহণ কৰি আছে।
প্ৰথম আলোত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিএনপিৰ উপ-সভাপতি আহমেদ আজম খানে কয় যে খালেদা জিয়াৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। দেওবাৰে নিশাৰ পৰা কোনো উন্নতি হোৱা নাই। আজি দিনৰ ১২:৩০ বজাত চিকিৎসালয়ৰ বাহিৰত খালেদা জিয়াৰ ব্যক্তিগত চিকিৎসক তথা দলীয় স্থায়ী সমিতিৰ সদস্য ডাঃ এজেএম জাহিদ হুছেইনে সাংবাদিকক তেওঁৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰে। তেওঁ উল্লেখ কৰে যে খালেদা জিয়াই চিকিৎসাৰ প্ৰতি সঁহাৰি জনাইছে, কিন্তু অতি লেহেমীয়া গতিৰে। চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ সহজে কঢ়িয়াই নিব পাৰি নেকি সেই সন্দৰ্ভত মেডিকেল ব’ৰ্ডৰ পৰা পৰামৰ্শ বিচৰা হৈছে। ব্ৰিটেইনৰ পৰা বিশেষজ্ঞ চিকিৎসকৰ এটা দলে আজি খালেদা জিয়াক সাক্ষাৎ কৰিব। তেওঁ প্ৰাৰ্থনা কৰি উৰাবাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনায়।
हिन्दुस्थान समाचार / অৰৱিন্দ