মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল
চিৰাং, ০২ ডিচেম্বৰ (হি.স.)। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত অসম বিধানসভাৰ প্ৰতিনিধি দল৷ মূলতঃ মানাহৰ হোম ষ্টে বিলাক পৰ্যবেক্ষণৰ বাবে আহিছে প্ৰতিনিধি দলটো৷ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত অহা অসম বিধানসভাৰ প্ৰতিনিধি দলটোৱে মানাহত
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল


চিৰাং, ০২ ডিচেম্বৰ (হি.স.)। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত অসম বিধানসভাৰ প্ৰতিনিধি দল৷ মূলতঃ মানাহৰ হোম ষ্টে বিলাক পৰ্যবেক্ষণৰ বাবে আহিছে প্ৰতিনিধি দলটো৷ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত অহা অসম বিধানসভাৰ প্ৰতিনিধি দলটোৱে মানাহত পৰ্যটনৰ বিকাশ কেনেকুৱা হৈছে আৰু কেনেকুৱা হ'ব তাকে চাবলৈ অহা বুলি জানিবলৈ দি বিধায়ক মৃণাল শইকীয়াই কয়,মানাহ আমাৰ নিউক্লিয়াচ৷ মানাহক নিউক্লিয়াচ হিচাপে লৈ কেনেকৈ গ্ৰাম্য পৰ্যটনৰ বিকাশ কৰিব পৰা যায় সেয়া চোৱা হ'ব৷ প্ৰতিনিধি দলটোত থকা

বিধায়ক ৰেকিবুদ্দিন আহমেদেও মানাহৰ কাষৰীয়া গাঁওত পৰ্যটনৰ বিকাশ কি ধৰণে হৈছে তাকে চাবলৈ অহা বুলি মন্তব্য কৰি এই ক্ষেত্ৰত মানাহত পৰ্যটনৰ ক্ষেত্ৰখনক আগুবাই নিবৰ বাবে অসম চৰকাৰক আহ্বান জনাব বুলিও সদৰি কৰে৷উল্লেখ্য যে অসম বিধানসভাৰ প্ৰতিনিধি দলটোত বিধায়ক মৃণাল শইকীয়া,ৰেকিবুদ্দিন আহমেদৰ লগতে ৰামকৃষ্ণ ঘোষ,এআইইউডিএফৰ মজিবৰ ৰহমান প্ৰমুখ্যে অসম ট্যুৰিজিমৰ চাইমিন মান্নান,বিটিচিৰ পৰ্যটন বিভাগৰ চিএইচ ডি জয়ন্ত শৰ্মা আদিও উপস্থিত থাকে৷অসম বিধানসভাৰ প্ৰতিনিধি দলটোক বাগুৰুম্বা নৃত্যৰে আদৰণি জনায় স্থানীয় শিল্পী সমাজে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande