মণিপুৰ জি এছ টি (দ্বিতীয় সংশোধনী) বিধেয়ক, ২০২৫ লোকসভালৈ ওভতালে ৰাজ্যসভাই
- মণিপুৰক লৈ বিৰোধীয়ে ‘ঘৰিয়ালৰ চকুপানী’ বোৱাইছে: নিৰ্মলা সীতাৰমণ নতুন দিল্লী, ০২ ডিচেম্বৰ (হি.স.)। ৰাজ্যসভাই মঙলবাৰে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ বিধেয়ক, ২০২৫ লোকসভালৈ ওভতাই দিয়ে। উত্তৰ-পূব ৰাজ্যত জি এছ টি ২.০ সংস্কাৰ ৰূপায়ণৰ বাবে প্ৰৱৰ্তন কৰা অ
मणिपुर जीएसटी (दूसरा संशोधन) विधेयक, 2025 पर चर्चा का जवाब देते हुए सीतारमण


मणिपुर जीएसटी (दूसरा संशोधन) विधेयक, 2025 पर चर्चा का जवाब देते हुए सीतारमण


- মণিপুৰক লৈ বিৰোধীয়ে ‘ঘৰিয়ালৰ চকুপানী’ বোৱাইছে: নিৰ্মলা সীতাৰমণ

নতুন দিল্লী, ০২ ডিচেম্বৰ (হি.স.)। ৰাজ্যসভাই মঙলবাৰে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ বিধেয়ক, ২০২৫ লোকসভালৈ ওভতাই দিয়ে। উত্তৰ-পূব ৰাজ্যত জি এছ টি ২.০ সংস্কাৰ ৰূপায়ণৰ বাবে প্ৰৱৰ্তন কৰা অধ্যাদেশৰ ঠাই লয়। সংসদৰ নিম্ন সদন লোকসভাই সোমবাৰে বিধেয়কখন গৃহীত কৰিছিল। বুধবাৰে পুৱা ১১ বজালৈ ৰাজ্যসভা স্থগিত ৰখা হয়।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে জি এছ টি পৰিষদৰ ৫৬ সংখ্যক বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিবলৈ উত্থাপন কৰা মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ (দ্বিতীয় সংশোধনী) বিধেয়ক ২০২৫ দাখিল কৰিছিল। উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যখনত জি এছ টি ২.০ সংস্কাৰ ৰূপায়ণৰ বাবে প্ৰৱৰ্তন কৰা অধ্যাদেশৰ ঠাই লোৱা এই বিধেয়কখনৰ সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজ্যসভাত বিৰোধী দলৰ বিৰুদ্ধে মণিপুৰৰ বাবে ঘৰিয়ালৰ চকুলো টোকাৰ অভিযোগ উত্থাপন কৰে। ৰাজ্যৰ স্বাৰ্থৰ সৈতে জড়িত বিধেয়কসমূহৰ সন্দৰ্ভত সদনৰ আলোচনাত অংশগ্ৰহণ নকৰে বুলিও কয় তেওঁ। মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ (দ্বিতীয় সংশোধনী) বিধেয়ক, ২০২৫ সন্দৰ্ভত সদনৰ আলোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে কেনটো খুলিলেহে ফ্ৰীজত ৰখাৰ প্ৰয়োজন হয়। আগতে ইয়াৰ ওপৰত কৰ আৰোপ কৰা হৈছিল, কিন্তু এতিয়া সেয়া শূন্য হৈ পৰিছে। তেওঁ কয়, আজিৰ সংশোধনীয়ে ট্ৰেক এণ্ড ট্ৰেচ ব্যৱস্থা স্থাপন কৰাত সহায় কৰিব। এনে ব্যৱস্থা স্থাপন হ'লে লিকেজ ৰোধ কৰাটো সহজ হ'ব। যোগানৰ সময়ত ভাউচাৰ সৃষ্টিৰ নিয়ম সৰল কৰা হ'ব। ৰাজ্যসভাত চমু আলোচনা আৰু বিত্তমন্ত্ৰীৰ বক্তব্যৰ পিছতে বিধেয়কখন পুনৰ সংসদৰ নিম্ন সদন লোকসভালৈ ঘূৰাই অনা হয়।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত আৰু সকলো ৰাজ্যৰ প্ৰতিনিধিৰে গঠিত ৫৬ সংখ্যক সামগ্ৰী আৰু সেৱা কৰ পৰিষদে ৫, ১২, ১৮, আৰু ২৮ শতাংশ স্লেবৰ পৰা প্ৰায় ৩৭৫টা বস্তুৰ জি এছ টিৰ হাৰ ২, ৫, আৰু ১৮ শতাংশলৈ সালসলনি কৰাৰ সিদ্ধান্ত লৈছিল। আল্ট্ৰা বিলাসী সামগ্ৰীৰ ওপৰত ৪০ শতাংশ জি এছ টি ৰেটৰ প্ৰস্তাৱ। ২০২৫ চনৰ ২২ ছেপ্টেম্বৰত নতুন জি এছ টি কৰ হাৰ কাৰ্যকৰী কৰা হৈছিল।সামগ্ৰী আৰু সেৱাৰ জি এছ টি হাৰৰ পৰিৱৰ্তন কাৰ্যকৰী কৰিবলৈ ৰাজ্যৰ জি এছ টি আইন সংশোধনৰ প্ৰয়োজন। যিহেতু মণিপুৰ বৰ্তমান ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত আছে, সেয়েহে পৰিৱৰ্তন কাৰ্যকৰী কৰিবলৈ যোৱা ৭ অক্টোবৰত এক অধ্যাদেশ জাৰি কৰা হৈছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande