
নতুন দিল্লী, ০২ ডিচেম্বৰ (হি.স.)। কেৱল প্ৰশাসনিক নহয়, শাসন ব্যৱস্থাৰ মতাদৰ্শগত আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে নতুন প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ (পিএমঅ’) কমপ্লেক্সটোৰ নাম ‘সেৱা তীৰ্থ’ ৰাখিছে। কেন্দ্ৰীয় সচিবালয় এতিয়া ‘কৰ্তব্য ভৱন’ নামেৰে পৰিচিত হ’ব। চৰকাৰে কয় যে এই পৰিৱৰ্তনে ক্ষমতাৰ ওপৰত দায়িত্ববোধ, আৰু পদৰ ওপৰত সেৱাৰ মনোভাৱক শক্তিশালী কৰিব।
চেণ্ট্ৰেল ভিষ্টা ৰিডেভেলপমেণ্ট প্ৰজেক্টৰ অধীনত ‘এক্সিকিউটিভ এনক্লেভ’ হিচাপে গঢ়ি তোলা এই নতুন কমপ্লেক্সটো এতিয়া চূড়ান্ত পৰ্যায়ত আছে। এই কমপ্লেক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কেবিনেট সচিবালয়, ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়, আৰু ‘ইণ্ডিয়া হাউছ’, য’ত উচ্চ পৰ্যায়ৰ বিদেশী প্ৰতিনিধি দলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব।
ইয়াৰ পূৰ্বে চৰকাৰে সমগ্ৰ দেশৰ ৰাজভৱনসমূহৰ নাম সলনি কৰি ‘লোক ভৱন’ বুলি সিদ্ধান্ত লৈছিল। এনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নাম সেৱা তীৰ্থ আৰু কেন্দ্ৰীয় সচিবালয়ৰ নাম কাৰ্তব্য ভৱন নামেৰে নামাকৰণ কৰাটো নাগৰিক-প্ৰথম প্ৰশাসনিক পন্থা আগুৱাই নিয়াত এক পদক্ষেপ হিচাপে দেখা গৈছে।
চৰকাৰে উল্লেখ কৰিছে যে সেৱা, কৰ্তব্য, নাগৰিক-প্ৰথম চিন্তা আজি প্ৰশাসনিক ভাষাৰ ভেটি হৈ পৰিছে। এই নামকৰণৰ পৰিৱৰ্তনে এই মানসিকতাক প্ৰতিফলিত কৰে, য'ত শাসন ব্যৱস্থাক ক্ষমতাৰ কেন্দ্ৰ নহয়, সেৱাৰ স্থান হিচাপে দেখা যায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শেহতীয়া বছৰবোৰত কেইবাটাও ঐতিহাসিক পৰিৱৰ্তন ঘটিছে— ৰেচ কোৰ্চ ৰোডৰ নাম সলনি কৰা হৈছে লোক কল্যাণ মাৰ্গ, ৰাজপথৰ নাম সলনি কৰা হৈছে কৰ্তব্য পথ, আৰু ৰাজ ভৱনৰ নাম সলনি কৰা হৈছে লোক ভৱন। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰছ দ্বীপক নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপলৈ নামাকৰণ কৰা হয়, আৰু পৰম বীৰ চক্ৰ বঁটা বিজয়ীসকলৰ সন্মানত ২১টা বৃহৎ জনবসতিহীন দ্বীপৰ নাম সলনি কৰা হয়।
চৰকাৰৰ মতে এই পৰিৱৰ্তনসমূহ ঔপনিৱেশিক মানসিকতাৰ পৰা আঁতৰি আহি ভাৰতৰ কৰ্তব্য, সেৱা, আৰু জাতীয় প্ৰতিশ্ৰুতিৰ মূল সংস্কৃতিক পুনৰ কেন্দ্ৰীভূত কৰাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ।
हिन्दुस्थान समाचार / অৰৱিন্দ