ডিমা হাছাওত আৰক্ষীৰ গুলীচালনাত নিহত দুৰ্বিত্ত
ডিমা হাছাও,০২ ডিছেম্বৰ(হি.স.)। অসমৰ ডিমা হাছাও জিলাত নিশা এক উত্তেজনাপুৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। নিশা প্ৰায় ৯ বজাত আৰক্ষীৰ নিয়মীয়া তহলদাৰী দলে তহল দি থকাৰ সময়ত সংঘটিত হয় উক্ত ঘটনা। খবৰ অনুসৰি আৰক্ষীৰ এটা দলে নিয়মীয়াকৈ টহল দি থকা অৱস্থাত এজ
ডিমা হাছাওত আৰক্ষীৰ গুলীচালনাত নিহত দুৰ্বিত্ত


ডিমা হাছাও,০২ ডিছেম্বৰ(হি.স.)। অসমৰ ডিমা হাছাও জিলাত নিশা এক উত্তেজনাপুৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। নিশা প্ৰায় ৯ বজাত আৰক্ষীৰ নিয়মীয়া তহলদাৰী দলে তহল দি থকাৰ সময়ত সংঘটিত হয় উক্ত ঘটনা।

খবৰ অনুসৰি আৰক্ষীৰ এটা দলে নিয়মীয়াকৈ টহল দি থকা অৱস্থাত এজন অচিনাক্ত ব্যক্তিয়ে তেওঁলোকৰ ওপৰত অকস্মাত গুলীচালনা কৰা বুলি জানিব পৰা গৈছে। আকস্মিক আক্ৰমণত আৰক্ষীৰ দলটো হতভম্ব হৈ নিজকে চম্ভালি লৈ প্ৰত্যাক্ৰমণ কৰে। আৰক্ষীৰ গুলীচালনাত থিতাতে নিহত দুৰ্বিত্তজন।

ডিমা হাছাও আৰক্ষী সংবাদ মাধ্যমক অবগত কৰা অনুসৰি নিহত লোকজনৰ সৈতে অঞ্চলটোত সক্ৰিয় থকা কোনো উগ্ৰপন্থী বা বিদ্ৰোহী সংগঠনৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে। অৱশ্যে নিহত দুৰ্বিত্ত জনৰ পৰিচয় বৰ্তমানো নিশ্চিত হোৱা নায়।

ঘটনাৰ কিছু সময়ৰ পাছতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে অঞ্চলটোত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়। আন কোনো সশস্ত্ৰ ব্যক্তিৰ উপস্থিতি নুই কৰিবলৈ পুংখানুপুংখ তালাচী অভিযান চলি আছিল।

অধিক তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande