
নতুন দিল্লী, ০২ ডিচেম্বৰ (হি.স.)। সংসদৰ শীতকালীন অধিৱেশনত নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ সন্মত হৈছে কেন্দ্ৰীয় চৰকাৰ। অহা ৮ ডিচেম্বৰ সোমবাৰে দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ'ব ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে লোকসভাত আলোচনা কৰা হ'ব। পিছদিনা অৰ্থাৎ ৯ ডিচেম্বৰ মঙলবাৰে দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’ব নিৰ্বাচনী সংস্কাৰৰ আলোচনা।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে মঙলবাৰে কয় যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। তেওঁ লগতে কয় যে ৮ ডিচেম্বৰ সোমবাৰে দুপৰীয়া ১২ বজাৰ পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে আৰু ৯ ডিচেম্বৰ মঙলবাৰে দুপৰীয়া ১২ বজাৰ পৰা নিৰ্বাচনী সংস্কাৰৰ বিষয়ে আলোচনা কৰিব।
সংসদৰ পূর্বৰ আৰু চলিত দুয়োটা অধিৱেশনত এছআইআৰ (Electoral Roll Update) প্রক্রিয়াক লৈ বিৰোধীয়ে হুলস্থুলৰ সৃষ্টি কৰি আহিছে৷ সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ দুয়োখন সদনৰ এই বিষয়ক লৈ একেৰাহে দ্বিতীয় দিনৰ বাবে কাৰ্য্যবিধি ব্যাহত হৈ পৰে।
উল্লেখযোগ্য যে বৰ্তমান ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকা উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে। বিৰোধী শাসিত ৰাজ্য বিশেষকৈ পশ্চিম বংগ আৰু তামিলনাডুৱে এই বিষয়ত প্ৰতিবাদ সাব্যস্ত কৰিছে। এই বিষয়টোক লৈ বিৰোধীয়ে হুলস্থুলৰ সৃষ্টি কৰিছে। আজিও লোকসভাৰ স্বাভাৱিক কাম-কাজ ব্যাহত হৈ পৰে। দুবাৰ স্থগিত ৰখাৰ পিছত দিনটোৰ বাবে স্থগিত ৰখা হয় কাৰ্য্যবিধি।
हिन्दुस्थान समाचार / অৰৱিন্দ