
নগাঁও, ০২ ডিচেম্বৰ (হি.স.)। কলিয়াবৰত পথাৰত ধান পকাৰ কৰাৰ লগে লগে আৰম্ভ হৈছে বনৰীয়া হাতীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত প্ৰতি নিশাই বনাঞ্চলৰ পৰা ওলাই অহা জাক জাক বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে খেতিয়ক ৰাইজ।
কলিয়াবৰৰ মাজগাঁও, বামুণী, মথৌখাট, দ'লপুখুৰী, জাঁওকটা, সোণাৰি-কামাখ্যা আদি অঞ্চলৰ পথাৰত প্ৰতি নিশাই তাণ্ডৱ চলাইছে বনৰীয়া হাতীৰ জাকে। হাতীয়ে খাই তহিলং কৰিছে বিঘাই বিঘাই পকাধান। হাতীৰ উপদ্ৰৱত আধা পকা ধানকে কাটি চপাবলৈ বাধ্য হৈছে খেতিয়ক। বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা