মানুহৰ কণ্ঠ দমনৰ প্ৰয়াস সঞ্চাৰ সাথী এপঃ খৰ্গে
নতুন দিল্লী, ০২ ডিচেম্বৰ (হি.স.)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে সঞ্চাৰ সাথী এপক কেন্দ্ৰীয় চৰকাৰে মানুহৰ কন্ঠ দমন কৰাৰ আন এক প্ৰয়াস বুলি অভিহিত কৰিছে। খৰ্গে মঙলবাৰে এক্স-পোষ্টত কয় যে নাগৰিকৰ মোবাইল ফোনত এই এপটো প্ৰিলোড কৰাৰ সিদ্ধান্ত কোনো চ
मल्लिकार्जुन खरगे


নতুন দিল্লী, ০২ ডিচেম্বৰ (হি.স.)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে সঞ্চাৰ সাথী এপক কেন্দ্ৰীয় চৰকাৰে মানুহৰ কন্ঠ দমন কৰাৰ আন এক প্ৰয়াস বুলি অভিহিত কৰিছে।

খৰ্গে মঙলবাৰে এক্স-পোষ্টত কয় যে নাগৰিকৰ মোবাইল ফোনত এই এপটো প্ৰিলোড কৰাৰ সিদ্ধান্ত কোনো চুক্তি বা পৰামৰ্শ অবিহনে লোৱা হৈছে, যিটো একনায়কত্ববাদী। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে মানুহে কি কথা পাতিছে সেয়া চৰকাৰে কিয় জানিব বিচাৰে? তেওঁ কয় যে আমাৰ ডিজিটেল গোপনীয়তাক প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰা হোৱা নাই। আয়কৰ আইনসমূহে ডিজিটেল জীৱনক অহৰহ চোৰাংচোৱাগিৰিলৈ ৰূপান্তৰিত কৰিছে, আৰ টি আই দুৰ্বল হৈছে, আৰু পেগাছাছ গোচৰে প্ৰমাণ কৰিলে যে ১০০ জনতকৈ অধিক ভাৰতীয়ৰ ফোন হেক কৰা হৈছে।

মন কৰিবলগীয়া যে দূৰসংযোগ বিভাগে মোবাইল ফোন কোম্পানীসমূহক সঞ্চাৰ সাথী এপ প্ৰি-ইনষ্টল কৰি নিজৰ ফোন বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছিল, নহ’লে জৰিমনা ভৰিব লাগিব। ৯০ দিনৰ ভিতৰত এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ আৰু ১২০ দিনৰ ভিতৰত কম্প্লাইয়েন্স ৰিপৰ্ট দাখিল কৰিবলৈ কোৱা হয় কোম্পানীকেইটাক। এই নিৰ্দেশৰ ফলত গোপনীয়তা আৰু গ্ৰাহকৰ অধিকাৰক লৈ প্ৰতিবাদৰ সৃষ্টি হয়। বিতৰ্ক বৃদ্ধি পোৱাৰ লগে লগে যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই স্পষ্ট কৰি দিয়ে যে সঞ্চাৰসতী হ’ব এক ঐচ্ছিক এপ, যিটো ব্যৱহাৰকাৰীয়ে ইচ্ছামতে ডিলিট কৰিব পাৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande