
গুৱাহাটী, ০২ ডিচেম্বৰ (হি.স.)। অহা ১৩ ডিচেম্বৰত মহানগৰীৰ জ্যোতি চিত্ৰবনৰ কলাগুৰু প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব তৃতীয় এন আই ডি এফ এফ ফিল্ম ফেষ্টিভেলৰ বঁটা প্ৰদান অনুষ্ঠান।
ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছ (আৰ চি এম পি) আৰু এজিচিএছ য়ে আয়োজন কৰা এই ফেষ্টিভেলত দেশ বিদেশৰ ১৫ খন দেশৰ ১৬২ খন চিনেমাই এইবাৰ ভাগ লৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ তিনিদিনীয়া কাৰ্যসূচীৰ পৰিৱৰ্তে এদিনীয়াকৈ এই ফিল্ম ফেষ্টিভেল আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। গতিকে নিৰ্দিষ্ট একাংশ চুটি চিনেমা প্ৰদৰ্শন, চিনেমা বিষয়ক আলোচনা আৰু বঁটা প্ৰদান অনুষ্ঠানেৰে চলিত বৰ্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱন আধাৰিত 'ভূপেন জুবিন কুইজ' আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হ'ব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী