
নতুন দিল্লী, ০২ ডিচেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে সোমবাৰে কংগ্ৰেছৰ ৰাজ্যসভাৰ সদস্য ৰেণুকা চৌধুৰীয়ে সংসদ ভৱন পৰিসৰত কুকুৰ অনাৰ ঘটনাক সংসদৰ মৰ্যাদা উলংঘা বুলি অভিহিত কৰিছে। মঙলবাৰে দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেলত ভাষণ দি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ড০ সম্বিত পাত্ৰই কয় যে সংসদ গণতন্ত্ৰৰ সৰ্বোচ্চ মন্দিৰ। ইয়াৰ নিজস্ব মৰ্যাদা, প্ৰতিপত্তি আৰু শিষ্টাচাৰ আছে। সংসদৰ ভিতৰত সাংসদ হওক বা অনাময় কৰ্মী হওক, সকলোৰে মৰ্যাদা আছে কাৰণ আমি সকলোৱে কোনোবা নহয় কোনোবা প্ৰকাৰে জনসাধাৰণৰ লগত সংযুক্ত হৈ আছো। ৰেণুকা চৌধুৰী নিজেই এগৰাকী সন্মানীয় সাংসদ। তেওঁই নিজৰ কুকুৰটোক লৈ আহিছিল। সংবাদ মাধ্যমে সোধাত তেওঁ কয়, ইয়ে নাকামোৰে। কামোৰা সকলে ভিতৰৰ পৰাই চৰকাৰ চলাই আছে।
তেওঁৰ এই বক্তব্যই সদনৰ মৰ্যাদা আৰু শিষ্টাচাৰক ক্ষতিগ্ৰস্ত কৰাৰ প্ৰয়াস। ড° পাত্ৰই কয় যে আজি, আৰু ইয়াৰ আগতেও বহুবাৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আমাক সকলোকে কৈছে যে সংসদতেই হওক বা সংসদ ভৱন পৰিসৰতেই হওক, এজন সাংসদৰ আচৰণ, চিন্তা, ভাষণ মৰ্যাদাপূৰ্ণ হ’ব লাগে। কোনো সাংসদে কেতিয়াও সদনৰ মৰ্যাদা কলংকিত কৰাৰ চেষ্টা কৰিব নালাগে। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে কংগ্ৰেছৰ হতাশা ইমানেই গভীৰ যে এগৰাকী কংগ্ৰেছ সাংসদে সংসদত বহি থকা নিজৰ সতীৰ্থসকলৰ বিৰুদ্ধে এনে অপমানজনক ভাষা ব্যৱহাৰ কৰিছে। আনকি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও সংসদত কুকুৰৰ অনুমতি নিদিয়াত আশ্চৰ্য্য প্ৰকাশ কৰিছিল। পিছত সদনলৈ আঙুলিয়াই তেওঁ অপমানজনকভাৱে কয় যে কুকুৰক সোমাবলৈ দিয়া হৈছে। এনে কৰি তেওঁ চৰকাৰক অপমান কৰিছে আৰু সংসদত বহি থকা নিজৰ দলৰ সদস্যসকলক অপমান কৰিছে। ৰেণুকা চৌধুৰী আৰু ৰাহুল গান্ধী দুয়োৰে বক্তব্যই সংসদৰ শিষ্টাচাৰ আৰু মৰ্যাদাত আঘাত হানিছে। দুখৰ বিষয় যে কংগ্ৰেছৰ হতাশাই এনে এটা স্তৰত উপনীত হ’ব পাৰে যে সংসদত বহি থকা নিজৰ সতীৰ্থসকলৰ বিৰুদ্ধে ইয়াৰ সাংসদসকলে এনে ভাষা ব্যৱহাৰ কৰিব।
ইফালে সঞ্চাৰ সাথী এপ সন্দৰ্ভত ড০ পাত্ৰই কয় যে চৰকাৰে কাৰো ওপৰত চোৰাংচোৱাগিৰি কৰাৰ উদ্দেশ্য নাই। এই এপটোৱে আপোনাৰ বাৰ্তা পঢ়িব নোৱাৰে, আপোনাৰ কল শুনিব নোৱাৰে, বা আপোনাৰ ব্যক্তিগত ডাটাত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ উদ্দেশ্য হৈছে নিৰাপত্তা প্ৰদান কৰা, প্ৰৱঞ্চনা প্ৰতিৰোধ কৰা, আৰু চুৰি হোৱা ফোনসমূহ অনুসৰণ কৰা, সেইবোৰ ব্লক কৰা আৰু মালিকক ঘূৰাই দিয়া। ভুল তথ্য প্ৰচাৰ কৰাসকলে কেতিয়াও বুজি নাপাব সঞ্চাৰ সাথী কি। সঞ্চাৰ সাথী মোবাইল ফোনত সাংবাদিকৰ দৰে। ইয়াত সন্দেহজনক আৰু প্ৰৱঞ্চনামূলক ফোনকলৰ ৰিপৰ্ট দিয়া হয়। আপুনি সঞ্চাৰ সাথীত ক্ষতিকাৰক লিংকৰ ৰিপৰ্ট দিব পাৰে আৰু নিজকে সুৰক্ষিত কৰিব পাৰে। আজিকালি মোবাইল ফোনত আইএমইআই কপি কৰা হৈছে, আৰু এই স্পুফিং ৰোধ কৰিব পাৰে সঞ্চাৰ সাথীয়ে। আজিকালি এইটো অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে সঞ্চাৰ সাথীয়ে ১ কোটি ৭৫ লাখ প্ৰৱঞ্চনামূলক মোবাইল সংযোগ বিচ্ছিন্ন কৰি ২৬ লাখৰো অধিক নম্বৰ চিনাক্ত কৰি অনুসৰণ কৰিছে। ৭ লাখ ৫০ হাজাৰৰো অধিক চুৰি বা হেৰুৱা মোবাইল ফোন মালিকক ঘূৰাই দিয়া হৈছে। চৰকাৰে স্পষ্ট কৰি দিছে যে সঞ্চাৰ সাথীক আন যিকোনো এপৰ দৰে আপোনাৰ মোবাইলৰ পৰা আঁতৰাব পাৰি।
हिन्दुस्थान समाचार / অৰৱিন্দ