
দৰং, ০২ ডিচেম্বৰ (হি.স.)। ৰাজ্যৰ স্বাস্থ্য খণ্ডত অচলাৱস্থা। দ্বিতীয় দিনাও ১০৮ এম্বুলেঞ্চ সেৱাৰ কৰ্মচাৰী সকলে ন্যায্য প্ৰাপ্তিৰ দাবীত আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। যাৰ ফলত জৰুৰীকালীন মৃত্যুঞ্জয় সেৱাৰ পৰা বঞ্চিত থাকিব ৰাজ্যৰ জনসাধাৰণ।
চাকৰি নিয়মীয়া কৰণ সঠিক মজুৰি প্ৰদান আদি দাবীৰে প্ৰতিবাদত বহিব ১০৮ সেৱাৰ কৰ্মচাৰী সকলে। ইতিমধ্যে জিভিকে ই এম আৰ আই কর্তৃপক্ষই কৰ্মচাৰী সকলৰ এই প্ৰতিবাদক অবৈধ আখ্যা দিয়াৰ পিছতো এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ওলাই আহিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা