ইতিহাস কেৱল অতীত নহয়, ভৱিষ্যতৰ দৃষ্টিভংগী: ৰাম বাহাদুৰ ৰায়
— বাৰাণসীত আইজিএনচিএ ট্ৰাষ্টৰ অধ্যক্ষই উন্মোচন কৰিলে ‘বিপ্লৱী পঞ্জিকা-২০২৬’ — জগতগঞ্জ কোঠী ভ্ৰমণ, স্বাধীনতা সংগ্ৰামী বাবু জগত সিঙৰ ওপৰত গৱেষণাৰ প্ৰশংসা বাৰাণসী, ১৯ ডিচেম্বৰ (হি.স.)। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (আই জি এন চি এ) ট্ৰাষ্টৰ অ
'বিপ্লৱী পঞ্জিকা-২০২৬' উন্মোচনী অনুষ্ঠানত পদ্ম ভূষণ ৰাম বাহাদুৰ ৰায়।


'বিপ্লৱী পঞ্জিকা-২০২৬' উন্মোচনী অনুষ্ঠানত পদ্ম ভূষণ ৰাম বাহাদুৰ ৰায়।


'বিপ্লৱী পঞ্জিকা-২০২৬' উন্মোচনী অনুষ্ঠানত পদ্ম ভূষণ ৰাম বাহাদুৰ ৰায়।


— বাৰাণসীত আইজিএনচিএ ট্ৰাষ্টৰ অধ্যক্ষই উন্মোচন কৰিলে ‘বিপ্লৱী পঞ্জিকা-২০২৬’

— জগতগঞ্জ কোঠী ভ্ৰমণ, স্বাধীনতা সংগ্ৰামী বাবু জগত সিঙৰ ওপৰত গৱেষণাৰ প্ৰশংসা

বাৰাণসী, ১৯ ডিচেম্বৰ (হি.স.)। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (আই জি এন চি এ) ট্ৰাষ্টৰ অধ্যক্ষ ‘পদ্মভূষণ’ ৰাম বাহাদুৰ ৰায়ে শুকুৰবাৰে জগতগঞ্জৰ লহুৰাবীৰৰ জগতগঞ্জ কোঠীত ‘বিপ্লৱী পঞ্জিকা-২০২৬’ (ক্ৰান্তিকাৰী পঞ্চাংগ-২০২৬) উন্মোচন কৰে। মাতৃভাষা সেৱা সংস্থাৰ দ্বাৰা প্ৰকাশিত এই ‘বিপ্লৱী পঞ্জিকা-২০২৬’ কেৱল তাৰিখৰ সংকলন নহয়, বৰঞ্চ সেই অগ্ৰণী আৰু অৱহেলিত স্বাধীনতা সংগ্ৰামীসকলৰ জীৱন্ত স্মৃতি, যিসকলৰ ত্যাগ আৰু সমৰ্পণে ভাৰতৰ স্বাধীনতা সম্ভৱ কৰি তুলিছিল, কিন্তু যিসকলৰ নাম ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ নোহোৱাকৈয়ে আছে।

এই উপলক্ষে জ্যেষ্ঠ সাংবাদিক পদ্ম ভূষণ ৰাম বাহাদুৰ ৰায়ে মুখ্য অতিথি হিচাপে ভাষণ দি কয় যে ইতিহাস কেৱল অতীতৰ বৰ্ণনা নহয়, বৰঞ্চ বৰ্তমানক অতীতৰ সৈতে সংযোগ কৰি ভৱিষ্যতক দিশ দিয়া এখন সেতু। বাবু জগত সিঙৰ জীৱন আৰু ত্যাগৰ ওপৰত কৰা এই গৱেষণা এতিয়াও সম্পূৰ্ণৰূপে উন্মোচিত নোহোৱা এক ব্যাপক ইতিহাস উন্মোচনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। স্বাধীনতা সংগ্ৰামী বাবু জগত সিঙৰ ওপৰত কৰা গৱেষণা আৰু স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানৰ কথা উল্লেখ কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয় যে বাবু জগত সিঙক কেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল, তেওঁৰ বিচাৰ কিমান দিন চলিছিল, কেতিয়া তেওঁক চুনাৰৰ পৰা উইণ্ডহাম ফ’ৰ্ট জেললৈ স্থানান্তৰ কৰা হৈছিল, কেতিয়া তেওঁক তাৰ পৰা চেণ্ট হেলেনা দ্বীপলৈ লৈ যোৱা হৈছিল, আৰু কেতিয়া তেওঁ বংগ উপসাগৰৰ গংগাসাগৰত জল-সমাধি লৈছিল, সেই কথা স্পষ্ট হৈ পৰিছে। এই তথ্যসমূহৰ প্ৰকাশ নিজৰ মাজতে এক উল্লেখযোগ্য ঐতিহাসিক সাফল্য। তেওঁ লগতে কয় যে তেওঁৰ কাৰাদণ্ডৰ চৰকাৰী পঞ্জী উপলব্ধ নে নহয় আৰু তাত তেওঁৰ বিষয়ে কি লিপিবদ্ধ কৰা হৈছে সেয়া জানিবলগীয়া কথা। সেই সময়ত প্ৰতিটো ঘটনা যথাযথভাৱে লিপিবদ্ধ কৰা হৈছিল। এইটোৱেই হৈছে পৰৱৰ্তী আৰু অপৰিহাৰ্য গৱেষণা যিটো আগলৈও চলোৱা উচিত।

এই গৱেষণা প্ৰক্ৰিয়াৰ অংশ হিচাপে এই পঞ্জিকাখন প্ৰস্তুত কৰা হৈছে বুলি ৰাম বাহাদুৰ ৰায়ে উল্লেখ কৰে। ইয়াৰ তাৎপৰ্য ইয়াৰ ভিতৰত লিপিবদ্ধ হোৱা তাৰিখ বা নামত নহয়, কিন্তু ইয়াত স্বাধীনতা আন্দোলনক গংগোত্ৰীৰ পৰা গংগাসাগৰলৈ তীৰ্থযাত্ৰাৰ পথ হিচাপে উপস্থাপন কৰাটোৱেই নিহিত হৈ আছে। গংগাই যেনেকৈ নিজৰ প্ৰবাহত ঘাটৰ সৃষ্টি কৰে, এই পঞ্জিকাখনেও স্বাধীনতা সংগ্ৰামৰ ঘাটবোৰক প্ৰতিনিধিত্ব কৰে, য’ত নতুন আৰু পুৰণি দুয়োটা প্ৰজন্মই ইতিহাসৰ সৈতে সংযোগ অনুভৱ কৰে। তেওঁ কয় যে বুজাবুজি হৈছে শক্তি। যেতিয়া এজন ব্যক্তিয়ে ইতিহাসৰ নতুন বুজাবুজি গঢ়ি তোলে, তেতিয়া তেওঁলোকৰ জীৱনটোও বহল হৈ পৰে। বাবু জগত সিংহৰ ওপৰত লিখা গ্ৰন্থখন আৰু ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে প্ৰস্তুত কৰা এই পঞ্জিকাখনে আমাক এনে এক নতুন ঐতিহাসিক জ্ঞানৰ সৈতে পৰিচয় কৰাই দিয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আবেদনৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশখন এতিয়া সঞ্চিত ইতিহাসৰ বাহিৰলৈ গৈ এক ব্যাপক ইতিহাসৰ দিশে আগবাঢ়িছে। আমি যিদিনা এই ব্যাপক ইতিহাসক আত্মসাৎ কৰিম, সেইদিনা আমি বুজিম যে ভাৰতৰ ইতিহাস কেৱল কেইবছৰমানৰ ইতিহাস নহয়, ১ লাখ ৫০ হাজাৰ বছৰ ধৰি চলি থকা অবিৰত ইতিহাসৰ ইতিহাস। তেওঁ কয় যে বাবু জগত সিঙৰ সমগ্ৰ কৰ্ম আৰু অৱদানৰ বিষয়ে জানিব পাৰি বাৰাণসীৰ প্ৰতিজন ব্যক্তিয়ে এই ব্যাপক ইতিহাসৰ অংশ বুলি অনুভৱ কৰিব।

তেওঁ ইতিহাসবিদ ড° হামিদ আফাক কুৰেশ্বী আৰু এই গৱেষণাৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাই কয় যে কামটো মাত্ৰ আৰম্ভ হৈছে, শেষ হোৱা নাই। ইংৰাজী সংস্কৰণ, হিন্দী অনুবাদ, কবিতা, উপন্যাস, তথ্যচিত্ৰৰ ৰূপত এই যাত্ৰা অব্যাহত থাকিব।

উন্মোচনী অনুষ্ঠানত উত্তৰ প্ৰদেশ চৰকাৰৰ ডাকটিকট, আদালত মাচুল আৰু পঞ্জীয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ৰবীন্দ্ৰ জয়ছোৱাল, ইতিহাসবিদ ড০ হামিদ আফক কুৰেশ্বী আৰু সংস্থাটোৰ প্ৰতিষ্ঠাপক তথা ৰাষ্ট্ৰীয় সম্পাদক ৰাকেশ কুমাৰেও ভাষণ প্ৰদান কৰে। ভাৰত-শ্ৰীলংকা আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সন্থাৰ সভাপতি তথা ভাৰতীয় মহাবোধী ছ’চাইটিৰ প্ৰাক্তন সম্পাদক ড০ কে চিৰি সুমেধ থেৰ’ই অনুষ্ঠানৰ সভাপতিত্ব কৰে। তেওঁ উল্লেখ কৰে যে পঞ্জিকাৰ জৰিয়তে ইতিহাস কেৱল পঢ়াই নহয় অভিজ্ঞতাও লাভ কৰা হ’ব। ইয়াৰ দ্বাৰা নৱপ্ৰজন্মৰ মাজত ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধতাৰ ভাৱ জগাই তোলা হ’ব। সংস্থাটোৰ পৃষ্ঠপোষক প্ৰদীপ নাৰায়ণ সিঙে অতিথিসকলক আদৰণি জনাই কয় যে বিগত ছবছৰ ধৰি মাতৃভূমি সেৱা সন্থাই ইতিহাসে পাহৰি যোৱা স্বাধীনতা সংগ্ৰামীসকলৰ অকথিত কাহিনী উন্মোচনৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। বিপ্লৱী পঞ্জিকা – ২০২৬ সেই সংগ্ৰামৰ এক শক্তিশালী নথি, যিয়ে ভৱিষ্যত প্ৰজন্মক তেওঁলোকৰ গৌৰৱময় অতীতৰ সৈতে সংযোগ কৰে। উন্মোচনী অনুষ্ঠানত বৃহৎ সংখ্যক ইতিহাসপ্ৰেমী, বুদ্ধিজীৱী, সমাজকৰ্মী, বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande