পৰ্বতঝোৰাৰ বগৰীবাৰীত ন-বোৱাৰীৰ আত্মহননৰ ঘটনা
পৰ্বতঝোৰাৰ বগৰীবাৰীত ন-বোৱাৰীৰ আত্মহননৰ ঘটনা।
পৰ্বতঝোৰাৰ বগৰীবাৰীত ন-বোৱাৰীৰ আত্মহননৰ ঘটনা


কোকৰাঝাৰ, ১৯ ডিচেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ বগৰীবাৰীত যোৱা কালি বৃহস্পতিবাৰে বিয়লি ন-বোৱাৰীৰ আত্মহননৰ ঘটনা সংঘটিত হয়।ৰহস্যজনক ভাবে স্নানগাৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় বোৱাৰী গৰাকীৰ মৃতদেহ।

মৃত নিহত বোৱাৰী গৰাকী ছুইটি সৰকাৰ বুলি পৰিচয় পোৱা গৈছে। ২০দিন পূৰ্বে বগৰীবাৰী আৰাইআনী প্ৰথম খণ্ডৰ বাপ্পা সৰকাৰৰ লগত বিবাহপাশত আবদ্ধ হৈছিল বোৱাৰী গৰাকী। বিবাহপাশত আবদ্ধ হোৱা যুৱকজন অসম আৰক্ষীত কৰ্মৰত।বগৰীবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande