জাৰ্মানীত শ্বোলজ আৰু কাৰ্ষ্টেনক সাক্ষাৎ ৰাহুল গান্ধীৰ
বাৰ্লিন, ১৯ ডিচেম্বৰ (হি.স.)। কংগ্ৰেছৰ পূৰ্বৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী প্ৰগতিশীল মিত্ৰজোঁটৰ আমন্ত্ৰণত ছদিনীয়া ভ্ৰমণসূচীৰে জাৰ্মানীত উপস্থিত হৈছে। প্ৰগতিশীল মিত্ৰজোঁট হৈছে বিশ্বৰ ১১৭টা প্ৰগতিশীল ৰাজনৈতিক দলৰ আগশাৰীৰ আন্তঃৰাষ্
जर्मनी के संघीय पर्यावरण एवं जलवायु संरक्षण मंत्री कार्स्टन श्नाइडर के साथ राहुल गांधी


বাৰ্লিন, ১৯ ডিচেম্বৰ (হি.স.)। কংগ্ৰেছৰ পূৰ্বৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী প্ৰগতিশীল মিত্ৰজোঁটৰ আমন্ত্ৰণত ছদিনীয়া ভ্ৰমণসূচীৰে জাৰ্মানীত উপস্থিত হৈছে। প্ৰগতিশীল মিত্ৰজোঁট হৈছে বিশ্বৰ ১১৭টা প্ৰগতিশীল ৰাজনৈতিক দলৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চ।

কংগ্ৰেছ দলে উল্লেখ কৰে যে জাৰ্মানীত থকাৰ সময়ছোৱাত ৰাহুল গান্ধীয়ে জাৰ্মানীৰ প্ৰাক্তন চ্যান্সেলৰ অলাফ শ্বলজৰ সৈতে সাক্ষাৎ কৰে। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত বিস্তৃত আলোচনা হয়। আলোচনাত বিশ্বৰ ৰাজনৈতিক পৰিৱেশ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, পৰিৱৰ্তিত বিশ্ব পৰিস্থিতিৰ সন্মুখত ভাৰত-জাৰ্মানীৰ সম্পৰ্ক শক্তিশালী কৰা আদি বিষয়সমূহ সামৰি লোৱা হৈছিল।

ৰাহুল গান্ধীয়ে জাৰ্মানীৰ পৰিৱেশ আৰু জলবায়ু সুৰক্ষা বিভাগৰ ফেডাৰেল মন্ত্ৰী কাৰ্ষ্টেন শ্বনাইডাৰৰ সৈতেও সাক্ষাৎ কৰে। বৈঠকত জলবায়ু পৰিৱৰ্তনৰ উমৈহতীয়া প্ৰত্যাহ্বান আৰু ইয়াক মোকাবিলা কৰিবলৈ বহনক্ষম আৰু জনকেন্দ্ৰিক সমাধানৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande