
বিশ্বনাথ, ১৯ ডিচেম্বৰ (হি.স.): উত্তৰ অসমৰ চিৰসেউজ বিহালী অভয়াৰণ্যত চলিছে অৰুণাচলী দুস্কৃতিকাৰীৰ বনধ্বংস কাৰ্য ৷ বন ধ্বংসৰে ভূমি দখলত কাৰ্য অব্যাহত ৰাখিছে অৰুণাচলী লোকে ৷ মংগলবাৰে বিয়লি বিহালী অভয়াৰণ্যৰ ভিতৰত অৰুণাচলী বনদস্যুৰে অসমৰ বনকৰ্মীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হোৱাৰ খৱৰ পোৱা গৈছে ৷
জানিব পৰামতে, অৰুণাচলী বনধ্বংসকাৰীক আত্মসমৰ্পন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগে লগে অৰুণাচলী দুষ্কৃতিকাৰীয়ে অসমৰ বনকৰ্মীৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি পলায়ন কৰে ৷ বনকৰ্মীৰ দলটোৱে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ২ খন মেচিন কৰত ৷ অভয়াৰণ্যৰ ভিতৰত গুলীয়াগুলী কৰি পলায়ন কৰি অৰুণাচল প্ৰদেশৰ চিজুচা আৰক্ষী থানাত অসমৰ বন বিষয়াৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷ ইফালে যি স্থানত গছ কাটি আছিল সেইয়া অৰুণাচলৰ বুলি দাবী কৰিছে বনদস্যুয়ে ৷ ইতিমধ্যে অসমৰ ভুমিত তদন্ত কৰিবলৈ ববুধবাৰ সন্ধিয়া উপস্থিত হয় অৰুণাচল আৰক্ষীৰ দল ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ