

নতুন দিল্লী, ১৯ ডিচেম্বৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে শুকুৰবাৰে কয় যে বৰদিন কেৱল এটা উৎসৱ নহয় বৰঞ্চ একতা, প্ৰেম আৰু মমতাৰ বাৰ্তা। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ বাসগৃহত বৰদিনৰ দুপৰীয়াৰ আহাৰ গ্ৰহণত এই মন্তব্য কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। বৰদিন আৰু নৱবৰ্ষৰ বাবে তেওঁ সকলোকে উষ্ম শুভেচ্ছা জনায়।
এই শুভ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, আহক আমি এনে এখন সমাজ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিওঁ য'ত প্ৰতিটো মুখত হাঁহি আৰু প্ৰতিটো হৃদয়ত ভাতৃত্ববোধ থাকে।
ৰাধাকৃষ্ণনে জোৰ দি কয় যে প্ৰগতিৰ সমান্তৰালকৈ পৰিৱেশ ৰক্ষা কৰাটোও গুৰুত্বপূৰ্ণ। সেয়েহে তেওঁ মিছন লাইফৰ কথা ক'লে যাতে সকলোৱে নিজৰ অভ্যাস সলনি কৰি পৃথিৱীখনক সুৰক্ষিত কৰি উন্নয়নক স্থায়ী কৰি তুলিব পাৰে। তেওঁ খ্ৰীষ্টান সম্প্ৰদায়ক জাতি নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ মূল্যৱান অৱদান অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
এই উপলক্ষ্যত পশ্চিম বংগৰ ৰাজ্যপাল ড০ চি.ভি. আনন্দ বসু, ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জৰ্জ কুৰিয়েন, ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপী, খ্ৰীষ্টান সম্প্ৰদায়ৰ জ্যেষ্ঠ আধ্যাত্মিক নেতা আৰু অন্যান্য গীৰ্জা প্ৰশাসনৰ জ্যেষ্ঠ প্ৰতিনিধিসকল উপস্থিত থাকে। সকলো অতিথিয়ে ইজনে সিজনক বৰদিনৰ শুভেচ্ছা জনায় আৰু সামূহিক প্ৰাৰ্থনাৰে দেশৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। এই উপলক্ষে তেওঁলোকে উপস্থিত শিশু আৰু অতিথিসকলৰ সৈতে মত বিনিময় কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া