
- ঘৰুৱা দৰ্শকৰ হৃদয় জয় কৰিবলৈ সাজু ঝাৰখণ্ডৰ বিউটি ডুংডুং আৰু সংগীতা কুমাৰী
- ঘৰুৱা অনুৰাগীৰ সমৰ্থনত আত্মবিশ্বাসী ঝাৰখণ্ডৰ আশাব্যঞ্জক খেলুৱৈ বিউটি ডুংডুং আৰু সংগীতা কুমাৰী
নতুন দিল্লী, ১৯ ডিচেম্বৰ (হি.স.)। হিৰো উইমেনছ হকী ইণ্ডিয়া লীগৰ দ্বিতীয় ছিজন ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব । ৰাঁচী ৰয়েলছৰ হৈ খেলি থকা ঝাৰখণ্ডৰ দুগৰাকী উদীয়মান তাৰকা বিউটি ডুংডুং আৰু সংগীতা কুমাৰীয়ে নিজৰ ঘৰুৱা টাৰ্ফত অনুৰাগীক ৰোমাঞ্চিত কৰিবলৈ সাজু হৈছে।
সংগীতা কুমাৰী আৰু বিউটি ডুংডুঙে ২০২১ চনত ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়, আৰু তাৰ পিছৰ পৰা পিছলৈ ঘূৰি চোৱা নাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংগীতাই ৩০টা গ’ল দিয়াৰ বিপৰীতে বিউটিয়ে ৬টা গ’ল দি দললৈ যথেষ্ট অৰিহণা যোগাইছে। এতিয়া দুয়োজন খেলুৱৈয়ে নিজৰ ঘৰুৱা ফ্ৰেঞ্চাইজি ৰাঁচী ৰয়েলছৰ সৈতে হিৰো এইচ আই এলত নতুন যাত্ৰাত নামি পৰিছে।
এই অভিযানক লৈ উৎফুল্লিত সংগীত কুমাৰী ২০২২ চনৰ কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় দলটোৰ অংশ আছিল। হকী ইণ্ডিয়াই উদ্ধৃত কৰা মতে, হোম টাৰ্ফত খেলাটো গৌৰৱৰ বিষয়। ৰাঁচীত খেলাটো সদায় বিশেষ, আৰু এতিয়া যেতিয়া মই ৰাঁচী ৰয়েলছক প্ৰতিনিধিত্ব কৰি আছো, তেতিয়া ই আৰু বেছি। ইয়াৰ অনুৰাগীসকলে হকী ভাল পায়, যিয়ে খেলুৱৈসকলৰ উৎসাহ বৃদ্ধি কৰে। মোৰ বাবে ই আৰু বিশেষ হ'ব কাৰণ মোৰ পৰিয়ালেও মোৰ খেল চাবলৈ আহিব।
যুৱ খেলুৱৈসকলক পৰামৰ্শ দি সংগীতাই কয় যে, যুৱ খেলুৱৈয়ে নিজৰ খেল উপভোগ কৰিব লাগে। সেইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। তেওঁলোকে নিজৰ কৌশল আৰু দক্ষতাক বিশ্বাস কৰি নিজৰ শ্ৰেষ্ঠখিনি দিব লাগে। সংগীতাই লগতে কয়, আমি বিদেশী খেলুৱৈৰ পৰা বহু কথা শিকে, আৰু তেওঁলোকেও আমাৰ পৰা বহু কথা শিকে। আমি তেওঁলোকৰ পৰা সূক্ষ্মতা বুজিবলৈ আৰু নতুন দক্ষতা শিকিবলৈ চেষ্টা কৰোঁ।
ৰাঁচী ৰয়েলছত ২০২২ চনৰ টকিঅ’ অলিম্পিকত ৰূপৰ পদক আৰু ২০২৪ চনৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা অভিজ্ঞ আৰ্জেণ্টিনাৰ খেলুৱৈ অগষ্টিনা আলবাৰ্টাৰিঅ’ আৰু অগষ্টিনা এল’নছ’কো অংশগ্ৰহণ কৰিব। এই খেলুৱৈসকলৰ সন্দৰ্ভত সংগীতাই কয় যে আৰ্জেণ্টিনাৰ খেলুৱৈসকল অতি অভিজ্ঞ। অগষ্টিনা আৰু আগষ্টিনাৰ সৈতে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰি তেওঁলোকৰ কাষত খেলাটো মোৰ বাবে ৰোমাঞ্চকৰ হ’ব।
বিউটি ডাংডাঙেও নিজৰ ঘৰুৱা ফ্ৰেঞ্চাইজিৰ হৈ খেলাৰ বাবে উত্তেজনা প্ৰকাশ কৰে। ৰাঞ্চিত যেতিয়াই মেচ হয় তেতিয়াই ষ্টেডিয়ামখন দৰ্শকে ভৰি থাকে। ইয়াত হকী অনুৰাগীৰ সংখ্যা বিপুল। এইখন আমাৰ ঘৰুৱা খেলপথাৰ, আৰু আমি জয়ী হ'বলৈ সকলো চেষ্টা কৰিম।' মিডফিল্ডাৰ বিউটি ডাংডাঙেও হিৰো এইচ আই এলৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে এই লীগে যুৱ খেলুৱৈসকলক বিশ্বৰ শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ সৈতে খেলাৰ সোণালী সুযোগ প্ৰদান কৰে।
তেওঁ কয়, জুনিয়ৰ খেলুৱৈসকলে প্ৰায়ে ভাবি থাকে যে তেওঁলোকে কেতিয়া ছিনিয়ৰ দলত খেলাৰ সুযোগ পাব। এই লীগে তেওঁলোকক বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈৰ সৈতে খেলিবলৈ এক মঞ্চ প্ৰদান কৰে। যেতিয়া শীৰ্ষ পৰ্যায়ত মানদণ্ড উচ্চ হ'ব, তেতিয়া ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে তৃণমূল পৰ্যায়ত অনুভৱ কৰা হ'ব। তেওঁ আৰু কয়, মহিলা হকী অহৰহ আগবাঢ়িছে, আৰু আমি ইয়াক আৰু অধিক উচ্চতালৈ লৈ যাব বিচাৰো। হিৰো এইচ আই এল জুনিয়ৰ আৰু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈসকলৰ বাবেও এক উত্তম মঞ্চ। তেওঁলোকে পুৰুষ আৰু মহিলা উভয় মেচ চাই শিকিবলৈ সুযোগ পায়।
বিউটিয়ে কয়, প্ৰথম অৱস্থাত আমি বিদেশী খেলুৱৈৰ সৈতে কথা পাতিবলৈ অলপ দ্বিধাবোধ কৰিছিলো, কিন্তু এতিয়া আমি তেওঁলোকৰ পৰামৰ্শ মুক্তভাৱে বিচাৰো। যেতিয়া আমি কোনো দক্ষতা সঠিকভাৱে প্ৰদৰ্শন কৰিব নোৱাৰো বা কোনো সুযোগৰ মূলধন হিচাপে ব্যৱহাৰ কৰিব নোৱাৰো, তেতিয়া আমি তেওঁলোকৰ পৰা পৰামৰ্শ বিচাৰো, আৰু তেওঁলোকে আনন্দৰে সহায় কৰে। বিউটিয়ে লগতে কয়, তেওঁলোক আমাতকৈ বয়সীয়াল আৰু অভিজ্ঞ। আমি তেওঁলোকৰ সৈতে যিমানেই যোগাযোগ ৰাখোঁ সিমানেই শিকিম।
দলটোত শেহতীয়াকৈ চিলিত অনুষ্ঠিত জুনিয়ৰ মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰা সাক্ষী ৰানা আৰু কণিকা ছিৱাচৰ দৰে যুৱ খেলুৱৈও আছে। ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব হিৰো উইমেনছ হকী ইণ্ডিয়া লীগ, ইয়াত আয়োজক দল ৰাঁচী ৰয়েলছে উদ্বোধনী মেচত এছ জি পাইপাৰ্ছৰ বিৰুদ্ধে খেলিব।
हिन्दुस्थान समाचार / অৰৱিন্দ